ধুবুৰীক পুনৰ অশান্ত কৰাৰ অপচেষ্টাঃ অপশক্তিয়ে চোৰক নিয়োগ কৰিছে ঘৰ জ্বলাবলৈ!

ধুবুৰীত পুনৰ সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। বহু কেইটা চুৰি ঘটনাৰ বাবে কাৰাগাৰলৈ যোৱা এটা চোৰক এইবাৰ ধনৰ বিনিময়ত মানুহৰ বাসগৃহ জ্বলাই দিয়াৰ বাবে নিয়োগ কৰিছে অসাধু চক্ৰই।

author-image
Asomiya Pratidin
New Update
dhubri 19

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীত বুধবাৰে নিশা পুনৰ সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। বিগত সময়ত বহু কেইটা চুৰি ঘটনাৰ বাবে কাৰাগাৰলৈ যোৱা এটা চোৰক এইবাৰ ধনৰ বিনিময়ত মানুহৰ বাসগৃহ জ্বলাই দিয়াৰ বাবে নিয়োগ কৰিছে অসাধু চক্ৰই। জানিব পৰা মতে যোৱা সময়ছোৱাত বহু কেইটা চোৰাং গোচৰত কাৰাগৰলৈ যোৱা বিকি শ্বেখ দুদিন পূৰ্বে ওলাই আহিছিল কাৰাগাৰৰ পৰা।

Advertisment

তাৰ পিছতেই নিশা প্ৰায় ২-৩০ বজাত আন এজন সতীৰ্থৰ সৈতে ধুবুৰীৰ এক নম্বৰ ৱাৰ্ডৰ বান্ধপাৰ এলেকাত স্থানীয় এজন লোকৰ ঘৰত চোৰ কৰিবলৈ সোমাইছিল। সেই সময়তে স্থানীয় ৰাইজে এই বিষয়ে অৱগত হৈ সেই সময়তে বিকি শ্বেখক আটক কৰে যদিও তেওঁৰ লগত থকা ৰাকিবুল শ্বেখে ৰাইজৰ কৱলৰ পৰা পলাই যাবলৈ সক্ষম হয়। 

ইফালে উত্তেজিত ৰাইজে স্থানী বিকিক উত্তম মাধ্যম সোধাই ধুবুৰী আৰক্ষীক চমজাই দিয়ে। আৰক্ষীৰ আগত বিকিয়ে দিয়া স্বীকাৰোক্তি অনুসৰি ধুবুৰীৰ সমীপৰ ফলিমাৰী অঞ্চলৰ জাহাংগীৰ আলম নামৰ এজন লোকে হেনো তেওঁক ধুবুৰী চহৰৰ বান্ধৰ পাৰ অঞ্চলৰ এজন লোকৰ ঘৰ জ্বলাই দিবলৈ তেওঁক নিয়োগ কৰিছিল। তাৰ বিনিময়ত তেওঁক পাঁচ হাজাৰ টকা দিছিল। 

বিকিৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ পিছতেই ধুবুৰীৰ সচেতন মহলত চলিছে ব্যপক চৰ্চা। বাৰে বাৰে ধুবুৰীৰ পৰিৱেশ আৰু পৰিস্থিতি অশান্ত কৰিবৰ বাবে এক অপশক্তিয়ে চেষ্টা কৰি আহিছে নেকি বুলিও প্ৰশ্ন উল্থাপন হৈছে? 

ইয়াৰ বিপৰীতে ধুবুৰীবাসীৰ একতা আৰু সম্প্ৰীতিৰ শক্তিয়ে বাৰে বাৰে মষিমূৰ কৰিবলৈ সক্ষম হৈছে সেই অপশক্তিক। বুধবাৰৰ নিশা বান্ধৰ পাৰৰ ঘৰ জ্বলাই দিয়াৰ যি অপচেষ্টা চলিছিল তাৰ কোনো তৃতীয় শক্তি সক্ৰিয় হৈ আছে নেকি বুলিও চহৰখনত সকলোৰে মুখে মুখে এতিয়া সৰৱ চৰ্চা হোৱা দেখা গৈছে। 

উল্লেখযোগ্য যে ধুবুৰী আৰক্ষীয়ে চহৰখনত দিনে-নিশাই কৰ্তব্য পালন কৰি ধুবুৰী চহৰৰ সামগ্ৰিক পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ অনাত যথেষ্টখিনি চেষ্টা চলাই আছে। ইপিনে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিকি শ্বেখ নামৰ দুষ্কৃতিকাৰীজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানাত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে

চোৰ ধুবুৰী