ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলৰ খলিলপুৰ আমবাগান সাৰ্বজনীন মা দুৰ্গা মন্দিৰৰ চৌহদত গো মুণ্ড ৰখাক কেন্দ্ৰ কৰি আজি পথ অৱৰোধ কৰি হিন্দু আৰু মুছলমান লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে ৰাইজে।
দুষ্ট চক্ৰই হিন্দু আৰু মুছলমানৰ মাজত মিলাপ্ৰীতি ভংগ কৰাৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰা লগতে আৰক্ষীৰ ভূমিকাক লৈও ক্ষুদ্ধ হৈছে প্ৰতিবাদকাৰী সকল। দীৰ্ঘ সময় ধৰি ধুবুৰী মেডিকেল কলেজলৈ যোৱাৰ পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজহুৱা স্থানত গো-মাংস ভক্ষণ, বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছে পিছে ধুবুৰীত সংঘটিত হোৱা এই ঘটনাৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ কৰিছে ৰাইজে।
ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বীপ জ্যোতি তালুকদাৰ, ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাচনিকে ধৰি ধুবুৰী আৰক্ষীৰ এটি দল ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে, আৰক্ষীৰ তৎপৰতাত দুৰ্গা মন্দিৰৰ সমীপত পৰি থকা গো-মুণ্ডটো আঁতৰোৱা হৈছে।