/asomiyapratidin/media/media_files/2025/04/17/lXBL7mg0V6IY0R9CpCXy.jpg)
চাঞ্চল্যকৰ ঘটনা
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলা আৰক্ষী বিষয়াৰে যুৱকৰ অবৈধ প্ৰেমৰ পৰিণতিত আত্মহত্যা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
দীৰ্ঘদিন ধৰি ধুবুৰী জিলাৰ এখন আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল কালডোৱা গাওঁৰ দেবানন্দ দাসৰ। দেবানন্দ দীৰ্ঘদিন ধৰি আগমনি থানাত এজাহাৰ লিখা কামত জড়িত আছিল। দুয়োৰে মাজত গঢ়ি উঠে অবৈধ সম্পৰ্ক। এমাহ পূৰ্বে মহিলা আৰক্ষী বিষয়া গৰাকী আন এজন আৰক্ষী জোৱানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। যদিও দেৱানন্দ দাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে।
পিছে বুধবাৰৰ নিশা আৰক্ষী বিষয়া গৰাকী আৰু দেৱানন্দৰ মাজত থানাৰ ভিতৰতে কাজিয়া লাগে। দেৱানন্দই খঙত অগ্নিশৰ্মা হৈ আৰক্ষী বিষয়া গৰাকীৰ গালত দুটাকৈ চৰ শোধায়। পৰিস্থিতি উত্তপ্ত হোৱাত কৰ্তব্যৰত দুজন আৰক্ষী জোৱান আছিফ ৰহমান আৰু শ্যামল দাসে দেৱানন্দক মাৰপিট কৰি পঠাই দিয়ে। তাৰপাছতেই দেৱানন্দই নিজ গৃহত গৈ চিপ লৈ আত্মহত্যা কৰে। আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে। ইফালে আৰক্ষী বিষয়াগৰাকী আৰু দেবানন্দৰ অশ্লীল ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।