ধুবুৰীত দুজনকৈ অধিবক্তাৰ অকাল মৃত্যুঃ জিলাখনত শোকৰ ছাঁ...

অধিবক্তা খাইৰুল বাছিদ খন্দকাৰ ওৰফে ভোলাই হঠাতে অসুস্থ হৈ পৰাত তেওঁক গুৱাহাটীস্থিত নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও যোৱা নিশা প্ৰায় ৮ বজাত অধিবক্তা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
1 dhubri

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী অধিবক্তা সন্থাৰ দুগৰাকীকৈ অধিবক্তাৰ অকাল বিয়োগত শোকত ম্ৰিয়মান হৈ পৰে ধুবুৰীৰ অধিবক্তা সকলৰ লগতে স্থানীয় ৰাইজ। প্ৰাপ্ত বাতৰি মতে, ধুবুৰী অধিবক্তা সন্থাৰ সদস্য তথা অধিবক্তা খাইৰুল বাছিদ খন্দকাৰ ওৰফে ভোলাই হঠাতে অসুস্থ হৈ পৰাত তেওঁক গুৱাহাটীস্থিত নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও যোৱা নিশা প্ৰায় ৮ বজাত অধিবক্তা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৪৬ বছৰ।ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰি গাঁৱৰ বাসিন্দা খাইৰুল বাছিদ খন্দকাৰে ২০০৯ চনত ধুবুৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লোৱাৰ পিচতে উক্ত বৰ্ষতে তেওঁ ধুবুৰী অধিবক্তা সন্থাৰ সৈতে জড়িত হৈ পৰিছিল। মৃত্যুৰ সময়ত অধিবক্তা গৰাকীয়ে পত্নীৰ লগতে এজন পুত্ৰ, এজনী কণ্যা সহ অলেখ গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।

আনহাতে আজি পুৱা ধুবুৰী অধিবক্তা সন্থাৰ আন এগৰাকী সদস্য তথা অধিবক্তা সেখ মহম্মদ জাকিৰ হুছেইনে দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি থাকি আজি পুৱা প্ৰায় ৫.৩০ বজাত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসা লয়ত ইহলীলা সম্বৰণ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পাটাকাটা গাঁও নিবাসী অধিবক্তা সেখ মহম্মদ জাকিৰ হুছেইনৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৫৫ বছৰ।

ধুবুৰীৰ গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা শেষ কৰি সেখ মহম্মদ জাকিৰ হুছেইনে ২০০০ চনত ধুবুৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। মৃত্যুৰ সময়ত অধিবক্তা গৰাকীয়ে পত্নীৰ উপৰি এজনী কন্যা, এজন পুত্ৰ আৰু অলেখ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

সামাজিক ক্ষেত্ৰ খনত দুয়ো গৰাকী অধিবক্তাই বেছ জনপ্ৰিয় আছিল আৰু ৰাইজৰ লগত সু-সম্পৰ্ক বজাই ৰাখিছিল। ইপিনে আজি ধুবুৰী অধিবক্তা সন্থাই ধুবুৰীৰ নৱনিৰ্মিত জিলা আদালত চৌহদত প্ৰয়াত অধিবক্তা দুগৰাকীৰ স্মৃতিত এখনি শোকসভাৰ আয়োজন কৰে।

ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা শোক সভাখনত সভাই প্ৰয়াত অধিবক্তা দুজনৰ অকাল মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মৃতকৰ পৰিয়াল লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সভাই মৃতকৰ আত্মাৰ সদগতি কামনাৰ্থে ২ মিনিট কৈ মৌনতা অৱলম্বন কৰে বুলি ধুবুৰী অধিবক্তা সন্থাৰ সম্পাদক কামাল হুছেইন আহমেদে জানিবলৈ দিয়ে।

ধুবুৰী