/asomiyapratidin/media/media_files/2025/03/15/BidEja5hG85MX4TKjXDi.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী চহৰৰ ৩ নং বালি চৰত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮-৩০ বজাত মাৰতি ৮০০ গাড়ী এখনে ত্ৰাসৰ সৃষ্টি কৰি ৩ জন লোকক খুন্দিয়ায়। ফলত ইয়াৰে এজন যুৱক গুৰুতৰভাৱে আহত হয়।
ইতিমধ্যে তেওঁক ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। স্বাভাৱিকতে এই ঘটনাই অঞ্চলটোৰ সচেতন মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ধুবুৰী চহৰৰ দিলবৰ মোল্লাৰ পুত্ৰ নাজিমূল মোল্লাই তেওঁৰ এ এছ ০১ এ বি ৩৭২৯ নম্বৰৰ মাৰুতি ৮০০ গাড়ীখন তীব্ৰবেগেৰে চলাই চহৰখনৰ কেবাঠাইতো খুন্দা মাৰে।
তেওঁৰ এই তীব্ৰবেগী বাহনখনে ৩ নং ৱাৰ্ডৰ বালি চৰত প্ৰথমে এগৰাকী ঠেলা চালকক প্ৰচণ্ড জোৰে খুন্দিয়াই পৰৱৰ্তী সময়ত আন এজনক খুন্দিয়ায়। ত্ৰাস সৃষ্টি কৰা বাহনখনে পুনৰ বালুৰ চৰত আৰু এগৰাকী পথচাৰীক খুন্দিওৱাত পথচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
পিছত স্থানীয় ৰাইজে ধুবুৰী আৰক্ষীৰ সহযোগত তৎক্ষণাত আহত পথচাৰীজনক ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায়। চিকিৎসালয়ত ভৰ্তি হৈ থকা পথচাৰীজনক ধুবুৰী চহৰৰ পঞ্চুঘাটৰ অশোক দাস (৩২) বুলি চিনাক্ত কৰা হৈছে।
ইপিনে স্থানীয় ৰাইজে যোৱানিশা পথত আতংকৰ সৃষ্টি কৰি কেইবাজনো লোকক আহত কৰা ঘটনাৰ সন্দৰ্ভত নিশাই ধুবুৰী থানাত বাহনখনৰ চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। জানিব পৰা মতে আৰক্ষীয়ে নিশাৰ ভিতৰতে অভিযান চলাই ধুবুৰীৰ ঝগৰাৰপাৰ এলেকাৰ পৰা নাজিমুল মোল্লাৰ এ এছ ০১ এ বি ৩৭২৯ নম্বৰৰ মাৰুতি ৮০০ গাড়ীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। গাড়ীখনৰ বীমাৰ ম্যাদো উকলি যোৱা বুলি জানিব পৰা গৈছে।
ইফালে যোৱানিশা প্ৰায় দুই শতাধিক স্থানীয় ৰাইজে ধুবুৰী থানাত সমবেত হৈ চহৰখনত ত্ৰাসৰ সৃষ্টি কৰা দিলবৰ মোল্লাৰ পুত্ৰ নাজিমুল মোল্লাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত আৰক্ষীক দাবী জনায়।