ধৰ্মেন্দ্ৰ প্ৰধানৰ সংবাদমেলঃ NEET বিসংগতিৰ দায়িত্ব স্বীকাৰ শিক্ষামন্ত্ৰীগৰাকীৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ সংবাদমেলঃ NEET বিসংগতিৰ দায়িত্ব স্বীকাৰ শিক্ষামন্ত্ৰীগৰাকীৰ

author-image
Asomiya Pratidin
New Update
ধৰ্মেন্দ্ৰ প্ৰধানৰ সংবাদমেলঃ NEET বিসংগতিৰ দায়িত্ব স্বীকাৰ শিক্ষামন্ত্ৰীগৰাকীৰ

ডিজিটেল ডেস্কঃ নীট ৰ বিসংগতি সন্দৰ্ভত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সংবাদমেলৰ জৰিয়তে তেওঁ কয় যে, শিক্ষাৰ্থীসকলৰ স্বাৰ্থ আমাৰ প্ৰাথমিকতা। ইয়াৰ লগত কোনোধৰণৰ আপোচ কৰা নহয়। নীট পৰীক্ষা সন্দৰ্ভত আমি বিহাৰ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগত আছো। শিক্ষামন্ত্ৰী হিচাপে মই বিষয়টোৰ দায়িত্ব লৈছো।

Advertisment

এই সন্দৰ্ভত পাটনাৰ পৰাও কিছু তথ্য পোৱা বুলি জানিবলৈ দিয়ে প্ৰধানে। পাটনা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। উপযুক্ত তথ্য পোৱাৰ পাছত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নীট পৰীক্ষাৰ বিসংগতিত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদমেলত জনাই মন্ত্ৰী গৰাকীয়ে।

তেওঁ কয় যে, চৰকাৰে এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিব। শিক্ষাৰ্থীসকল হৈছে দেশৰ ভৱিষ্যৎ। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ ভূল নকৰাটোৱে আমাৰ প্ৰাথমিকতা। মই সকলোকে কোনো ধৰণৰ উৰাবাতৰি নিবিয়পাবলৈ অনুৰোধ জনাইছো। আমি কোনো অপৰাধীক সাৰি যাব নিদিও।

Also Read: জামিন পালেও কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল....

Dhqrmendra pradhan NEET