/asomiyapratidin/media/media_files/2025/03/11/6jSJ5noDFas7b8t3T6LM.jpg)
প্ৰতিমা বৰুৱা পাণ্ডেৰ সহশিল্পীৰ দেহাৱসান
ডিজিটেল ডেস্ক, ধুবুৰী: গোৱালপাৰীয়া লোকগীতৰ প্ৰখ্যাত শিল্পী, হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ সহশিল্পী তথা বিশিষ্ট ঢোল বাদক বিমল মালী( পলু) আৰু নাই। মঙলবাৰে পুৱা ১০.৪০ বজাত গৌৰীপুৰৰ ৬ নং ৱাৰ্ডত থকা নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৭৯ বছৰ। মালীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ জিলা খনতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
কিছু দিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত বিমল মালী আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত তেওঁৰ চিকিৎসা প্ৰদান কৰি আহিছিল। পিছে মঙলবাৰে পুৱা বিশিষ্ট শিল্পী গৰাকীয়ে নিয়তিত ওচতৰ হাৰ মানে। প্ৰখ্যাত ঢোল বাদক বিমল মালীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে। উল্লেখ্য যে, ধুবুৰী জিলাৰ গৌৰীপুৰ পৌৰসভাৰ ছয় নং ৱাৰ্ডৰ বাসিন্দা বিমল মালী পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ লগত ১৯৭৭ চনৰ পৰা ঢোল বাদক হিচাবে সংগীত চৰ্চা কৰি আহিছিল। ৰেডিঅ', দূৰদৰ্শনত প্ৰায় ৫০০ৰো অধিক গীত পৰিৱেশন কৰাৰ লগতে 'সোণাৰ বৰণ পাখি' নামৰ ৪০ খন অডিঅ' গীতৰ কেছেটত বিমল মালীয়ে ঢোল বাদক হিচাপে আছিল। পদ্মশ্ৰী পাণ্ডেৰ মৃত্যুৰ পিছত তেওঁ ঘৰতে ঢোল বাদকৰ চৰ্চা কৰি আহিছিল। বিমল মালী ২০০৩ চনত 'পুৰাণী দিনৰ হাৱাৰাণী বঁটা', ২০০৯ চনত 'প্ৰতিমা পাণ্ডে বঁটা',২০১১ চনত 'ভূপেন হাজৰিকা লোক শিল্পী সন্মান', 'গদাধৰ বঁটা', 'শৈলেন বৈশ্য লোক কাল বঁটা' আদি ৰাজ্যৰ বিভিন্ন ঠাইত বহু সন্মান, বঁটা বুলিবলৈ সক্ষম হৈছিল।