/asomiyapratidin/media/media_files/2025/07/14/agp-14-2025-07-14-22-31-11.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ ঢকুৱাখনা জিলা সমিতিৰ এখন সাধাৰণ সভা মঙলবাৰে অনুষ্ঠিত হ'ব। অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ স্থায়ী কাৰ্য্যালয় সমন্বয় ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হ'ব এই সাধাৰণ সভা ।
ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩ খন আঞ্চলিক সমিতিৰ শতাধিক প্ৰতিনিধিৰ উপৰিও জিলা আৰু কেন্দ্ৰীয় সমিতিৰ লগতে অগপ দলৰ বিধানসভা সমষ্টিৰ কেইবাগৰাকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰিব উক্ত সাধাৰণ সভাত। মঙলবাৰে দুপৰীয়া ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ হ'ব লগা গুৰুত্বপূৰ্ণ সভাত মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদিকা কস্তুৰী চুতীয়া, কাৰ্যকৰী সভানেত্ৰী প্ৰণিতা গগৈ উপস্থিত থাকিব ।
সভাৰ আহ্বায়ক মণ্ডলীয়ে জিলা সমিতিৰ সকলো প্ৰতিনিধিবৰ্গক নিশ্চিত ভাবে সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে।