ঘিলামৰাত ৩৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

ঘিলামৰাত ৩৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত ৩৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

ঘিলামৰাত ৩৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ ঢকুৱাখনা: নৱ প্ৰজন্মৰ মাজত মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ মুকলি বেহা মেলি ঢকুৱাখনা ঘিলামৰাৰ এটা অশুভ চক্ৰই সুদীর্ঘ দিন ধৰি ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসত নিমৰ্জিত কৰি অহা পৰিলক্ষিত হৈছে। ঢকুৱাখনা আৰু ঘিলামৰাৰ একাংশ বিপথ গামী যুৱকে সহজলভ্য ধনৰ লালসাত একাংশ উদীয়মান যুৱকক মাৰাত্মক ড্ৰাগছৰ নিচাত আসক্ত কৰি চলাই যোৱা এই ভয়াবহ জালৰ অন্য এটা অভিযুক্ত মঙ্গলবাৰে ৰঙা ঘৰৰ আলহী হৈছে ।

Advertisment

আৰক্ষীৰ চকুৰ সন্মুখতে অহৰহ হাৰত অব্যাহত ৰখা এই নিষিদ্ধ বেহাৰ সতে জড়িত ঢকুৱাখনা নগৰৰ মহঘুলি চাপৰিৰ বাবুল বাস্ফৰ ওৰফে বাবু নামৰ এটা ড্ৰাগছ বেপাৰীক মঙ্গলবাৰে দুপৰীয়া ঘিলামৰাত আটক কৰি থানাত চমজাই দিয়া হয়। ঘটনাৰ বিবৰণি অনুসৰি ঢকুৱাখনাৰ পৰা এ এছ ০৭ ইউ ৪২১১ নম্বৰৰ নীলা বৰণৰ পালচাৰ এন এছ ১২৫ বাইক লৈ ঘিলামৰাৰ দৈনিক বজাৰৰ সমীপত উপস্থিত হৈ গ্ৰাহকৰ অপেক্ষাত আছিল ড্ৰাগছ বেপাৰী বাবুল বাস্ফৰ ।

পূৰ্বৰে পৰা এই ভয়ংকৰ বেহাৰ সতে জড়িত হোৱাৰ তথ্যৰ ভিত্তিত এই বিতৰ্কিত যুৱকজনৰ সন্দেহজনক চাল চলনত পতিয়ন গৈ  স্থানীয় যুৱক বাবলু ফুকন আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় নেতা গৌৰৱ জ্যোতি বৰুৱাই বাস্ফৰক আটক কৰি তালাচী চলোৱাৰ পাছত ধৃত বাস্ফৰে ড্ৰাগছৰ বেপাৰ কৰাটো স্বীকাৰ কৰাত যুৱক দুয়োজনে ঘিলামৰা আৰক্ষীক অৱগত কৰি ড্ৰাগছ বেপাৰীটোক থানাত চমজাই দিয়ে ।

ৰাইজৰ জেৰাত ধৃত ঢকুৱাখনাৰ ড্ৰাগছ বেপাৰীটোৱে বহুদিন ধৰি এই বেহা চলাই থকাৰ কথা স্বীকাৰ কৰি লগত ৰখা নগদ ৩৭ হাজাৰ টকাৰে গ্ৰাহকক বিক্রীৰ বাবে ড্ৰাগছ কিনিবলৈ অহা বুলিও স্বীকাৰ কৰে । আৰক্ষীয়ে বাইক আৰু যুৱকজনক চলোৱা তালাচী কালত নগদ ৩৭ হাজাৰ টকা, ৬টা চিৰিঞ্জ , এটা কন্টেইনাৰসহ প্ৰায় ২.৭৭ গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ জেৰাত ধৃত ড্ৰাগছ বেপাৰীটোৱে বৰদলনিৰ কোনো ৰাজু দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ঘিলামৰাৰ দীপ বৰগোঁহাই আৰু অন্য একাংশ যুৱকেও এই ড্ৰাগছ ক্ৰয় কৰি আনি মুকলি ভাবে গ্ৰাহকৰ মাজত বিক্ৰী কৰি অহা বুলি জানিবলৈ দিছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ২২ ডিচেম্বৰত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী উপ-পৰিদর্শক সিদ্ধাৰ্থ নাথে ঘিলামৰাৰ দীপ বৰগোঁহাইক গোপন তথ্যৰ ভিত্তিত ঢকুৱাখনা থানাৰ অন্তৰ্গত কচুগাওঁ অঞ্চলৰ পৰা বাইকেৰে খেদি খেদি নি গোবিন্দপুৰ চাৰি আলিত আটক কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীৰ জালত পৰাৰ ভয়ত তীব্ৰ গতিত বাইক চলায়ো পৰিত্ৰাণ নোপোৱা উদণ্ড যুৱক জনে যাওঁতে ভগামুখ তিনিআলিত লগত নিয়া বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ মজুত ৰখা এটা চাদা টেমা দলিয়াই পেলাইছিল যদিও আৰক্ষীয়ে উক্ত নিষিদ্ধ ড্ৰাগছ ভৰ্তি টেমা পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। মঙ্গলবাৰে ঘিলামৰাত গ্ৰেপ্তাৰ কৰা ড্ৰাগছ বেপাৰীটোৱেও এই কথা স্বীকাৰ কৰাত আৰক্ষীৰ চকুৰ সন্মুখতে যে এই ভয়াবহ বেহা অব্যাহত আছে সেয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছে ।

ঘিলামৰা আৰক্ষীয়ে ধৃত ড্ৰাগছ বেপাৰীটোক গ্ৰেপ্তাৰ কৰি ড্ৰাগছ, ধন আৰু বাইকখন জব্দ কৰি এক গোচৰ পঞ্জীয়ন কৰিছে ।

ক্লিক কৰি পঢ়কঃ উৰুকা উপলক্ষে শোণিতপুৰৰ ব্ৰহ্মপুত্ৰত আছে মাছ ধৰাৰ অনুমতি, নাই কাজিৰঙাৰ বিলত...

ঘিলামৰা অসম ড্ৰাগছ সৰবৰাহকাৰী