''আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ গৰু চোৰক খেদ'' শ্লোগানেৰে ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্য কঁপাই যোৱা গীৰ গাই পালনৰ নামত ৰাজকোষৰ পুঁজি উদৰস্থ কৰাত মত্ত হোৱা গেৰুৱা দলৰ মন্ত্ৰী, বিধায়কৰ নির্লজ কাণ্ডৰ বিৰুদ্ধে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত।

author-image
Asomiya Pratidin
New Update
''আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ গৰু চোৰক খেদ'' শ্লোগানেৰে ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য কঁপাই যোৱা গীৰ গাই পালনৰ নামত ৰাজকোষৰ পুঁজি উদৰস্থ কৰাত মত্ত হোৱা গেৰুৱা দলৰ মন্ত্ৰী, বিধায়কৰ নির্লজ কাণ্ডৰ বিৰুদ্ধে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত। ঘিলামৰা ব্লক কংগ্ৰেছ সমিতি আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ যৌথ উদ্যোগত ঢকুৱাখনা নগৰৰ টাউন তিনিআলিত সোমবাৰে দুপৰীয়া সাব্যস্ত কৰা হয় এই উত্তাল প্ৰতিবাদ। 

Advertisment

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশত সাব্যস্ত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দুয়োখন ব্লক কংগ্ৰেছ সমিতিৰ শতাধিক দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। ‘আহ ঐ আহ ওলাই আহ’, ‘খেদ ঐ খেদ গৰু চোৰক খেদ’,  ‘গৰু চোৰ মূর্দাবাদ’, ‘কৃষকসকলক প্ৰতাৰণা কৰা অসম চৰকাৰ মূর্দাবাদ’,  ‘অভব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মূর্দাবাদ’, ‘ গৰু চোৰক তৎকালীন ভাবে গ্ৰেপ্তাৰ কৰি শাস্তি বিহক’, ‘ ৰাজ্যৰ গো পালকসকলক প্ৰবঞ্চনা কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিপাত যাওক’,  ‘হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুৰ্নীতিৰ মুকলি বজাৰ বন্ধ কৰক’, ‘ কৃষকক বঞ্চনা কৰা খকুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰক’, ‘অসম চৰকাৰৰ হায় হায়’,  ‘গৰু চোৰক মন্ত্ৰী সভাৰ পৰা বহিস্কাৰ কৰক’ আদি শ্লোগান দি সুদীর্ঘ সময় টাউন তিনিআলিৰ ৰাজপথ উত্তাল কৰি ৰাখে প্ৰতিবাদী কৰ্মীসকলে।  

''আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ গৰু চোৰক খেদ'' শ্লোগানেৰে ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ

ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱা, লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক,  জ্যেষ্ঠ নেতা ভোগেশ্বৰ লাগাচু,  লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক কুশল খনিকৰ, ঘিলামৰা ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক হেমন্ত কুমাৰ বৰুৱা, ঘিলামৰা ব্লক যুৱ সভাপতি দেৱজিৎ হাজৰিকা, ঘিলামৰা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি চেতিয়া,  যুৱ কংগ্ৰেছৰ ঢকুৱাখনা সমষ্টিৰ সমিতিৰ প্ৰশাসনিক সম্পাদক প্ৰিয়ব্ৰত ভৰালী, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নেতা ৰাকেশ পেগু, শৰৎ পাতিৰ, জগত ফুকনকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক নেতা কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

''আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ গৰু চোৰক খেদ'' শ্লোগানেৰে ঢকুৱাখনাত কংগ্ৰেছৰ প্ৰতিবাদ

শাসনৰ নামত অপশাসনৰ বীজ সিঁচি গেৰুৱা দলৰ চৰকাৰে সংঘটিত কৰা সীমাহীন দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ অন্যতম দৃষ্টান্ত গীৰ গাই কেলেংকাৰীৰ নায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে অন্যান্য সুবিধাবাদীসকলক চিনাক্ত কৰি আইনগত শাস্তি বিহাৰ দাবী জনায় প্ৰতিবাদৰ সামৰণি মাৰে।

কংগ্ৰেছ ঢকুৱাখনা প্ৰতিবাদ