/asomiyapratidin/media/media_files/2025/06/25/apex-band-25-2025-06-25-17-43-04.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী কৰ্মঠ মহিলাক আৰ্থিকভাবে আত্মনির্ভৰ কৰি তোলাত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানক সহযোগিতা আগবঢ়াইছে অসম কো-অ’পাৰেটিভ এপেক্স বেংক লিমিটেডে। এই উদ্দেশ্যেৰে বুধবাৰে বেংকটোৰ ঢকুৱাখনা শাখাত এক ঋণ প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হয় ।
য'ত ঢকুৱাখনাৰ ৩৭গৰাকী আত্ম-সহায়ক গোটৰ উদ্যোগী সদস্যা আৰু উপার্জনক্ষম ২০টা আত্ম-সহায়ক গোটক সৰ্বমুঠ ৭৭লাখ ৫০হাজাৰ টকাৰ বেংক ঋণ প্ৰদান কৰা হয় । এপেক্স বেংক ঢকুৱাখনা শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা উক্ত বেংক ঋণ প্ৰদান অনুষ্ঠানৰ লগতে এক বিত্তীয় সজাগতা শিবিৰো অনুষ্ঠিত কৰা হয় ।
বেংকটোৰ শাখা প্ৰৱন্ধক অজিত গগৈৰ পৰিচালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ উপ-মহা প্ৰৱন্ধক প্ৰদীপ বৰদলৈ উপস্থিত হৈ গোটৰ সদস্যাসকলক ঋণৰ ধনেৰে উপাৰ্জনমুখী কামত নিয়োজিত হৈ স্বাৱলম্বী হোৱাৰ আহ্বান জনায়। বৰদলৈয়ে ঋণগ্ৰহনকাৰীসকলক বেংকৰ পৰা প্ৰদান কৰা ঋণৰ পুঁজি উপাৰ্জনমুখী কাৰ্যত ব্যয় কৰি আৰ্থিকভাবে স্বচ্ছল জীৱন যাপনৰ বাবে আত্মনিয়োগ কৰাৰ আহ্বান জনায়।
তাৰোপৰি ঋণৰ বাবদ পৰিশোধ কৰিব লগা কিস্তিৰ ধন যথা সময়ত পৰিশোধ কৰিবলৈ সকীয়াই দি কোনো সদস্যা বা গোটৰ এন পি এ নহয় তাৰ প্ৰতি সদা সতৰ্ক হোৱাৰ আহ্বান জনায় । খণ্ড সমন্বয়ক নৰোত্তম কোচ, এপেক্স বেংকৰ বিষয়া-কৰ্মচাৰী, চি এল এফৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া, বেংক সখী , বিত্তসখীসহ ডেৰ শতাধিক গোটৰ সদস্যা উপস্থিত থকা অনুষ্ঠানত নাবাৰ্ডৰ লখিমপুৰ জিলাৰ জিলা উন্নয়ন প্ৰবন্ধক অম্লান তামুলীয়ে সাম্প্ৰতিক সময়ত ভয়াবহ হাৰত বিয়পি পৰা বিত্তীয় প্ৰবঞ্চনাৰ জালৰ পৰা সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনায়।
তেওঁ "প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা", "প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা" আৰু "অটল পেঞ্চন যোজনা"ৰ দৰে সামাজিক সুৰক্ষা আঁচনিৰ ইতিবাচক দিশৰ সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰে । অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ লখিমপুৰ জিলাৰ প্ৰকল্প প্ৰৱন্ধক কমল কান্ত গোৱালা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক বিজয় কৃষ্ণ কোচেও বিষয়বস্তুৰ ওপৰত চমু অবলোকণ কৰাৰ পাছত আনুষ্ঠানিক ভাবে সৰ্বমুঠ ৭৭লাখ ৫০ হাজাৰ টকাৰ বেংক ঋণ হিতাধিকাৰী সকলৰ মাজত প্ৰদান কৰা হয় ।