ধিঙত গ্ৰেপ্তাৰ ধৃত বাংলাদেশী...

ধিঙত গ্ৰেপ্তাৰ ধৃত বাংলাদেশী...
Published on
Updated on

ডিজিটেল সংবাদ, ধিংঃ বুধবাৰে ধিঙত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা বাংলাদেশী ৷ ধৃত বাংলাদেশীটোৰ নাম হুমায়ুন কবিৰ৷ ঘৰ চিলেট জিলাত বুলি জানিব পৰা গৈছে৷ ধিঙৰ সাপ্তাহিক বজাৰত গৰু কিনিবলৈ আহোতেই ধিং আৰক্ষীয়ে আটক কৰে ধৃত বাংলাদেশীটোক৷

মেঘালয়ৰ ডাউকী সীমান্তয়েদি অৱৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশীটো৷ লগতে বাংলাদেশী হুমায়ুন কবিৰৰ সহযোগী তিনিটা ক্ৰমে মতিবুৰ ৰহমান , আবুল হুছেইন, মকবুল হুছেইনকো গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে৷ ধৃত সহযোগী কেইজনৰ ঘৰ নগাঁৱৰ খাটোৱালত বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে নগাঁৱৰ সহযোগী কেইজনৰ ঘৰতে আশ্ৰয় লৈছিল ধৃত বাংলাদেশীটোৱে৷ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ মাজতেই এই ঘটনা সংধটিত হৈছে। আনহাতে, এই ঘটনাৰ জৰিয়তে ভাৰত-বাংলাদেশ সীমান্ত বৰ্তমানেও যে উন্মুক্ত তাৰেই প্ৰমাণ পোৱা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in