ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ

বুধবাৰে বিধায়ক আমিনুল ইছলামক আদালতে জামিন প্ৰদান কৰে যদিও ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আৰক্ষীয়ে এন এছ এৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰিছে

author-image
Asomiya Pratidin
New Update
ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ

ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, নগাঁও : পুনৰ গ্ৰেপ্তাৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম। ভাৰত চৰকাৰে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দুৰৰ সময়ত কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ অপৰাধত বিধায়ক আমিনুল ইছলামক জুৰীয়াৰ পৰমাইভেটিৰ নিজ বাসগৃহৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পৰবৰ্তী সময়ত বিধায়কগৰাকীক নগাঁও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। বুধবাৰে বিধায়ক আমিনুল ইছলামক আদালতে জামিন প্ৰদান কৰে যদিও ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আৰক্ষীয়ে এন এছ এৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰিছে। এই কথা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, বিধায়ক আমিনুল ইছলামক এন এছ এত গ্ৰেপ্তাৰ কৰাৰ ফলত সম্প্ৰতি এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিলে। তেওঁ কেতিয়া মুকলি আকাশৰ তললৈ আহিব সেই কথা অনিশ্চিত হৈ পৰিল।

আমিনুল ইছলাম