ধেমাজিত পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

ধেমাজি জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ পঞ্চায়তসমূহত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপয়ণ কৰে

author-image
Asomiya Pratidin
New Update
267

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ পঞ্চায়তসমূহত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপয়ণ কৰে। জিলাখনৰ ৬৫ টা পঞ্চায়তৰ ২৩৪ গৰাকী কৰ্মচাৰীয়ে হাতে - হাতে বেনাৰ , পোষ্টাৰ , প্লে'কাৰ্ড লৈ বিভিন্ন দাবী তুলি অৱস্থান ধৰ্মঘট পালন কৰে।

পঞ্চায়তত কৰ্মৰত জি পি চি, গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, এক্ৰিদিয়েট ইঞ্জিনিয়াৰ, একাউণ্ট সহায়ক ইত্যাদি কৰ্মচাৰীসকলৰ চাকৰিৰ ম্যাদ ষাঠি বছৰলৈ বৃদ্ধি কৰা, মাহিলি দৰমহা ৩০ হেজাৰ টকা লৈ বৃদ্ধি কৰা, বছৰি দহ শতাংশ ইক্ৰিমেন্ট প্ৰদান কৰা ইত্যাদি সমস্যাসমূহ সমাধানৰ দাবী তোলে। মঙ্গলবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰলৈকে ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত কৰ্মচাৰীসকলে এই ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে ৷ 

উল্লেখযোগ্য যে, প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত এখনি সভা অনুষ্ঠিত কৰে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি নাৰায়ন গগৈয়ে আঁত ধৰে এই সভাৰ।

সভাপতিগৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শেষখন কেবিনেটত পঞ্চায়ত কৰ্মচাৰীসকলৰ চাকৰি ম্যাদ ষাঠি বছৰলৈ বৃদ্ধিৰ বিষয়টো অনুমোদন জনোৱাৰ পিছতো আজিকোপতি কৰ্মচাৰীসকলৰ সমস্যাটো সমাধান নহ’ল। ইয়াৰ উপৰিও কৰ্মচাৰী দৰমহা দহ শতাংশ ইক্ৰিমেন্ট প্ৰদান কৰাকে ধৰি অন্যান্য সমস্যাসমূহ সমাধান নোহোৱাকলৈ বিষয়ববীয়াগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে ৷ 

প্ৰতিবাদী সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি বাবুল বিশ্বকৰ্মা, সম্পাদক ৰূপেন বৰদেউৰী আৰু যুটীয়া সম্পাদক কমলা সজাতি মন্তব্য আগবঢ়ায় ৷

ধেমাজি