/asomiyapratidin/media/media_files/2025/08/06/dhemaji-6-2025-08-06-22-46-23.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ জিলাখনৰ ধেমাজি, চিচিবৰগাঁও আৰু জোনাইকে ধৰি তিনিটা সমষ্টিৰ মুঠ বাৰটা জিলা পৰিষদ সমষ্টিৰে গঠিত ধেমাজি জিলা পৰিষদখন বুধবাৰে বিয়লি বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি আৰু উপ-সভাপতি নিৰ্বাচিত হয়৷ ধেমাজি জিলা পৰিষদৰ সভাকক্ষ(ডি আৰ ডি এ)ত বিয়লি ৩.৩০ বজাত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিতুপন নেওগ, ধেমাজি জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাৰ সৈতে ১২ টা জিলা পৰিষদ সমষ্টিৰ সদস্যসকলে উপস্থিত থাকে৷
অনুষ্ঠানত সৰ্বসন্মতভাৱে ১১ গৰাকী সদস্যই ধেমাজি জিলা পৰিষদখনৰ সভাপতি হিচাবে বিজেপিৰ ৮ নং চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিৰ সদস্য ভূপেন চুতীয়াক সভাপতি আৰু উপ-সভাপতি হিচাপে বিজেপিৰ ২ নং বৰদলনি জিলা পৰিষদ সমষ্টিৰ সদস্য ক্ষমালী বৰদেউৰী দৈমাৰীক নিৰ্বাচিত কৰে৷ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া আৰু উপ-সভাপতি ক্ষমালী বৰদেউৰী দৈমাৰীক জিলা আয়ু্ক্তই আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰায়৷