ধেমাজি লালং তিনি আলিত তিৱা জাতীয় সভা অনুষ্ঠিত: উপস্থিত জীৱন চন্দ্ৰ কোঁৱৰ

ধেমাজি লালং তিনি আলিত তিৱা জাতীয় সভা অনুষ্ঠিত: উপস্থিত জীৱন চন্দ্ৰ কোঁৱৰ
Published on
Updated on

ডিজিটেল সংবাদ,ধেমাজি: সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত শনিবাৰে বিয়লি ২ বজাত ধেমাজি জিলাৰ লালুং তিনি আলিত এখনি উষ্ম আদৰণি সভা অনুষ্ঠিত হয় ৷ তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু তেওঁৰ সমিতিৰ অন্যান্য সদস্য সকলৰ আগমনকলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লালুং তিনি আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমলেশ্বৰ লালুঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ দিয়ে ধেমাজি জিলা তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিদীপ ভৰালীয়ে ৷

আদৰণি ভাষণত ভৰালীয়ে কয় যে, তিৱা জনগোষ্ঠীক উন্নয়ণৰ কাৰনে চৰকাৰে ১৯৯৫ চনতে গঠন কৰি দিয়া তিৱা স্বায়ত্ত্ব পৰিষদত তিৱা লালুং গাঁও সমূহলৈ জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে স্বায়ত্ত্ব পৰিষদ গঠন হৈছিল। যদিও ধেমাজি জিলাৰ তিৱা জনগোষ্ঠী বাসীৰ ৰাইজে এই পৰিষদৰ পৰা বাদ পৰি আছিল ৷

ধেমাজি জিলা তিৱা ছাত্ৰ সন্থাৰ লগতে ভাতৃ সংগঠন সমূহে কৰা বিগত ৩০ বছৰীয়া আন্দোলনৰ অৱসান ঘটাই শেহতীয়াকৈ চৰকাৰে ধেমাজি জিলাৰ ২৮ খন তিৱা লালুং বসতিপূৰ্ণ গাঁও ইতিমধ্যে পৰিষদত অন্তভুৰ্ক্ত হোৱা খবৰে ধেমাজি তিৱা বাসীক আনন্দিত কৰি তুলিছে বুলি উল্লেখ কৰে ৷

সভাত তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ,পৰিষদৰ অন্যান্য কাৰ্য্যবাহী সদস্য ক্ৰমে প্ৰনৱজ্যোতি মছৰং,খগেন চন্দ্ৰ বৰদলৈ, চম্পেশ্বৰ বৰদলৈ, অজিত পাটৰ, কমল বৰদলৈ, গীতিমনি কলিতা, বিনাপানী বৰদলৈ, আইমনি বৰদলৈক একোখনকৈ তিৱা জনগোষ্ঠীৰ অতি আদৰৰ ফালী, মানপত্ৰ আৰু মমেন্টৰে আদৰণি জনোৱা হয় ৷

সভাত অঞ্চলটোৰ প্ৰায় তিনি সহশাধিক ৰাইজৰ উপস্থিতত তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে বক্তব্য কয় ১৯৯৫ চনতে গঠন হোৱা তিৱা স্বায়ত্ত্ব পৰিষদত ১১৩ খন গাওঁ অন্তভুৰ্ক্ত নোহোৱাকৈ ৰৈ গৈছিল ৷

সদৌ অসম তিৱা ছাত্ৰ সন্থা, তিৱা স্বায়ত্ত্ব পৰিষদ আৰু তিৱা সংগ্ৰামী সত্বাৰ এটাই উদ্দেশ্য আছিল যে অন্তভুৰ্ক্ত নোহোৱা তিৱা গাঁওসমূহ অতি শীঘ্ৰেই পৰিষদত অন্তভুৰ্ক্ত হোৱা ব্যৱস্থা কৰিব লাগে।

পৰৱৰ্তী সময়ত দীঘদিন ধৰি হোৱা সংগ্ৰামৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম ভৈয়াম জনজাতি তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বলিষ্ঠ পদক্ষেপৰ বাবেই তিৱা জনগোষ্ঠীটোৱে পুনৰ ১১৩ খন গাঁও স্বায়ত্ত্ব পৰিষদত অন্তভুৰ্ক্ত হ'ল।জনগোষ্ঠীটোৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত এই সুবিধা পোৱা বাবে পৰিষদৰ মুখ্য সদস্য কোঁৱৰে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ জনজাতি মন্ত্ৰীক ধন্যবাদ জনায় ৷

প্ৰসংগক্ৰমে মুখ্য সদস্য গৰাকীয়ে এই প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে আকৌ পৰিষদত দুটাকৈ নতুন তিৱা সমষ্টি লাভ কৰিব বুলি প্ৰকাশ কৰে ৷ ইয়াৰে এটা সমষ্টি ধেমাজি বাসীয়েলাভ কৰিব বুলি উল্লেখ কৰে ৷ এনে মূহূৰ্তত ধেমাজি বাসীৰ বাবে স্বাভাৱিকতেই গৌৰৱৰ বিষয় বুলিও উল্লেখ কৰে ৷

সভাত তিৱা সাহিত্য সভা ধেমাজি জিলা সমিতিৰ সভাপতি কিৰন লালুং ,সম্পাদক তিলক মালৈ , সদৌ তিৱা ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ সভাপতি মৃদুল বৰদলৈ সম্পাদক বিপুল লুম্ফৈকে ধৰি বহু বিষয় ববীয়া উদ্যোগতা আৰু জ্যেষ্ঠ সংগঠক সকল উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in