/asomiyapratidin/media/media_files/2025/02/06/4QRv0qQ74jhrqQi7hcCL.jpg)
ডিজিটেল সংবাদ, ধেমাজি: স্বাস্থ্য,শিক্ষা,মহিলা আৰু শিশু বিকাশৰ উন্নয়নৰ লগতে সকলো সময়তে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰসাৰৰ উদ্দেশ্য পোন প্ৰথমবাৰৰ বাবে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত এক উদ্ভাৱনমূলক আঁচনি শুভাৰম্ভণি কৰে। জিলা স্বাস্থ্য বিভাগৰ সহযোগত আনুষ্ঠানিকভাৱে “উত্তৰণ এক নতুন দিগন্তৰ দিশে” শীৰ্ষক এই কাৰ্য্যসূচীৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে বন্তি প্ৰজ্বলন কৰি ৷
পুৱা ১১ বজাত ধেমাজি স্বাস্থ্য ভৱনত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ আঁত ধৰে ডাঃ লুকুমনি দত্তই ৷ ইয়াৰ পিছতেই কাৰ্য্যসূচীৰ আদৰণি ভাষণ দিয়ে ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কিশোৰ কুমাৰ কামানে ৷
জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে বক্তব্যত কয় যে, আমি জীয়াই থকা দিন কেইটাত বেমাৰ-আজাৰ হ'লে
আৰু কিমান ডাক্তৰৰ ঔষধ খাই জীৱনধাৰণ কৰিম ৷ এই ব্যৱস্থাৰ পৰা আমি কেনেকৈ ঔষধ নোখোৱাকৈ নিৰোগী হৈ থাকিব পাৰিম তাৰে এক বিশেষ আঁচনি পৰিকল্পনা কৰা হৈছে ৷
এই আঁচনিৰ জৰিয়তে শাৰীৰিক আৰু মানসিক সুস্থতা অটুট ৰাখিব বাবে যোগা অনুশীলন, ব্যায়ামৰ লগতে খাব লগা খাদ্য, স্বাস্থ্য সন্মুখত সু-অভ্যাস ইত্যাদিৰ বিষয়ে গুৰুত্ব দিব লাগিব বুলি অৱগত কৰি এই
আঁচনিৰ কাৰ্য্যসূচী বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰ সমূহতো কৰিব লাগিব বুলি জিলা আয়ুক্তই উল্লেখ কৰে ৷
একেদৰে জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁই, ডাঃ সুভাষ সেন, ডায়েটিছিয়ান পৰিস্মিতা চুতীয়াই উত্তৰণ এক নতুন দিগন্তৰ দিশে এই
আঁচনি জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ বুলি অৱগত কৰে ৷
পোন প্ৰথমতে ধেমাজিত আৰম্ভণি হোৱা আঁচনিৰ জৰিয়তে সমগ্ৰ জিলাখনতেই সকলোৱে শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ লগতে শিক্ষা, মহিলা, শিশু বিকাশৰ বাবে উদ্ভাৱনীমূলক কাৰ্য্যৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে অৱগত কৰে ৷
সভাৰ পিছতেই আনুষ্ঠানিকভাৱে আজিৰে পৰাই ধেমাজি নগৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলৰ লগতে নিচামুক্তি কেন্দ্ৰ আৰু বৃদ্ধাআশ্ৰম জ্যেষ্ঠ কুঞ্জৰ প্ৰতিনিধি সকলক যোগা প্ৰশিক্ষক যোগেন বৰগোহাঁইৰ নেতৃত্বত যোগ, ব্যায়ামৰ অনুশীলন কৰায়৷