সোণোৱাল- কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশন আৰম্ভ

শুক্ৰবাৰে প্ৰথম দিনা পুৱা ৮ বজাত ধেমাজি পৌৰসভাৰ সভানেত্ৰী খ্ৰীংজী দীপৰেখা দাস বাঘ্ৰীয়ে ভোগালী সমন্বয় ক্ষেত্ৰ আৰু মূল তোৰণ উদ্ধোধনেৰে অধিৱেশনৰ শুভাৰম্ভণি কৰে ৷ 

author-image
Asomiya Pratidin
New Update
সোণোৱাল- কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশন আৰম্ভ

সোণোৱাল- কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশন আৰম্ভ

ডিজিটেল সংবাদ, ধেমাজি : আজিৰে পৰা তিনিদিনীয়াকৈ ধেমাজি জীয়াঢল চাৰিআলিৰ ভোগালী সমন্বয় ক্ষেত্ৰত সোণোৱাল- কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশন আৰম্ভ হৈছে। শুক্ৰবাৰে প্ৰথম দিনা পুৱা ৮ বজাত ধেমাজি পৌৰসভাৰ সভানেত্ৰী খ্ৰীংজী দীপৰেখা দাস বাঘ্ৰীয়ে ভোগালী সমন্বয় ক্ষেত্ৰ আৰু মূল তোৰণ উদ্ধোধনেৰে অধিৱেশনৰ শুভাৰম্ভণি কৰে ৷ 

Advertisment

পুৱা ৯ বজাত সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি খ্ৰীংপো মোহন সোনোৱাল মুখ্য উত্তোলকৰ সৈতে ধেমাজি , লখিমপুৰ , ডিব্ৰুগড়, তিনিচুকীয়া , শিৱসাগৰ, যোৰহাট , গোলাঘাট , মাজুলী , চৰাইদেউ , অৰুণাচল প্ৰদেশৰ চাংলাং, নামচাই আৰু গুৱাহাটীকে ধৰি তেৰগৰাকী সভাপতিয়ে অধিৱেশনৰ পতাকা উত্তোলন কৰে ৷ 

একেদৰে পুৱা ৯-৩০ বজাত চাৰিমুখীয়া চাকি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কাৰ্য্যসূচী সমাপন কৰে  সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক খ্ৰীংপো মৃদুল সোনোৱালৰ সৈতে পাঁচ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ পুৱা ১০ বজাত সোনোৱাল কছাৰী অয়লাসগত বিশিষ্ট সাহিত্যিকসকলৰ প্ৰতিচ্ছবিত আঠ গৰাকী বিশিষ্ট ব্যক্তিয়ে মাল্যপৰ্ণ কৰে ৷ 

পুৱা ১০.১৫ বজাত জীয়াঢল হাইস্কুলৰ প্ৰধান শিক্ষক বীৰেন বৰুৱাৰ সৈতে অন্যান্য অতিথি সকলৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্য্যসূচী সমাপন হয় ৷ পুৱা ১০.৩০ বজাত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত গৃহ উদ্ধোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি খ্ৰীংপো টংকেশ্বৰ সোনোৱালে ৷ 

সোণোৱাল- কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশন আৰম্ভ
সোণোৱাল- কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ ধেমাজি অধিৱেশন আৰম্ভ

 

পুৱা ১০.৪০ বজাত অয়লাসগত ভোলা বড়া সোঁৱৰণী গ্ৰন্থ মেলাৰ দ্বাৰ উদঘাটন কৰে সদৌ সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি খ্ৰীংপো প্ৰভাত সোনোৱালে ৷ পুৱা ১০.৫০ বজাত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত প্ৰদৰ্শনী আৰু সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত খাদ্যমেলা দ্বাৰ উদঘাটন কৰে সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য খ্ৰীংপো ঋষিকেশ শইকীয়াই ৷ 

ইফালে দিনৰ ১১ বজাত অয়লাসগত মুকেশ্বৰ সোনোৱাল সোঁৱৰণী বানিজ্য মেলাৰ মুকলিৰ পিছতেই ১১.১৫ বজাত অধিৱেশনৰ মূল মঞ্চখনি উদ্ধোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ-সভাপতি খ্ৰীংপো হেৰম্ব প্ৰসাদ দাসে ৷ ইয়াৰ পাছতে অধিৱেশনৰ প্ৰতিনিধি শিবিৰ উদ্ধোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক খ্ৰীংপো জোনটি সোনোৱালে ৷ 

ধেমাজি অধিৱেশন
ধেমাজি অধিৱেশন

 

বিয়লি ১২.৩০ বজাত সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক উপ-সভাপতি অয়লাসগত বুলন চন্দ্ৰ সোনোৱাল সোঁৱৰণী কুইজ প্ৰতিযোগিতাখনি উদ্ধোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ-সভাপতি খ্ৰীংপো মহেন্দ্ৰ নাথ সোনোৱালে ৷ ধেমাজি জিলা কুইজ ফ'ৰামৰ চিৰঞ্জীৱ শইকীয়াই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত গুৱাহাটীকে ধৰি অসমৰ বহুকেইখন জিলাৰ বহুকেইগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ 

দুৰৰীয়া ২ বজাত সোনোৱাল কছাৰী পৰম্পৰা অনুসৰি নিজ গাঁৱৰ অঞ্চলবাসীৰ মাজত ঐক্য মিলা-প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে  ৮৪ খন সোনোৱাল কছাৰী গাৱঁৰ মুখীয়ালসকলৰ দ্বাৰা নিজ ঘৰৰ পৰা অনা হাঁহ, কুকুৰা , মাছ , শাক পাচলি ,চাউলকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰে ভৰা একোটাকৈ ভাৰৰ টোপোলা আনুষ্ঠানিকভাৱে অধিৱেশনৰ মুকলি মঞ্চত ৰাইজক প্ৰদান কৰে ৷ আৰু উদ্যোক্তাসকলে প্ৰত্যেকেই একোখনকৈ সোনোৱালীৰে সম্বৰ্ধনা জনায় ৷ 

ধেমাজি অধিৱেশন
ধেমাজি অধিৱেশন

 

বিয়লি ৩ বজাত সোনোৱাল কছাৰী গাৱঁৰ সমাজ উত্তৰণত পাঠেক, গীতঘাই , বাৰিক আৰু শিক্ষক সকলৰ ভূমিকা শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকে আইন উপদেষ্টা ভূৱন চন্দ্ৰ বৰা আৰু সোনোৱাল কছাৰী সাহিত্য সভাৰ উপদেষ্টা খ্ৰীংপো কুলস্বামী লালোৱাৰীকে ধৰি বহুকেইগৰাকীলোক ৷ 

সন্ধিয়া সভাৰ অন্তিমখন কাৰ্য্যনিৰ্বাহক সভাৰ পিছতেই জনগোষ্ঠীয় সাজ-পাৰ প্ৰতিযোগিতাৰ উদ্ধোধন কৰে সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্যা খ্ৰীংজী ড° নন্দিনী ডেকাই ৷ অয়লাসগত মিনেশ্বৰ শইকীয়া সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° শংকৰ পাটোৱাৰীয়ে ৷

dhemaji