/asomiyapratidin/media/media_files/2025/03/10/3p9h1TvxEzUK8t8UtgFv.jpg)
ডিজিটেল সংবাদ, চিচিবৰগাওঁঃ ধেমাজি জিলাৰ চিচিবৰগাওঁ পঞ্চায়তৰ গাই নৈপৰীয়া চিচিচুমনি গাঁৱত ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰিছিল ১ নং কদমনি প্ৰাথমিক বিদ্যালয়। সত্তৰোধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কৰ্মৰত মাত্ৰ এজন শিক্ষক। একমাত্ৰ শিক্ষক জনকো অতিৰিক্তভাৱে দিয়া হৈছে CRCC 'ৰ দায়িত্ব।
ফলত শিক্ষকৰ অনুপস্থিতিত পাঠ গ্ৰহণ নকৰাকৈ গৃহভিমুখী হ'ব লগা হৈছিল কন কন শিশু সকল। খবৰ পাই যোৱা ৭ মাৰ্চত বিদ্যালয়খন ভ্ৰমণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে। ৰাইজৰ সৈতে আলোচনাৰ অন্তত শিশু সকলৰ ভবিষ্যতৰ প্ৰতি নজৰ ৰাখি ছাত্ৰ সন্থাই পাঠ দান কৰি সহযোগ কৰাৰ সিদ্ধান্ত লয়।
বিষয়টোৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত সাবিস্তাৰে প্ৰকাশ পায় বাতৰি। সামাজিক মাধ্যমত বাতৰি প্ৰকাশৰ পিছতে দেখা গ'ল শিক্ষা বিভাগৰ ক্ষিপ্ৰ তৎপৰতা। শিক্ষা মন্ত্ৰী ডা ৰনোজ পেগুৱে নিজা বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ গৈ বিদ্যালয়খনত শিক্ষক থকা বুলি চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি চোকা সমালোচনা কৰে সংগঠনটোৱে।
এনে সময়তে শিক্ষা বিভাগে বিদ্যালয়খনত নতুনকৈ এজন শিক্ষক নিযুক্তি দিলে। আজি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ফুলাম গামোচাৰে আদৰণি জনাই নৱ নিযুক্ত শিক্ষক জনক। অৱশ্যে সত্তৰোধিক বিদ্যাৰ্থী থকা বিদ্যালয়খনত দুজনেই নহয় চাৰিজন কৈ শিক্ষকৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ লগতে বিদ্যালয়ৰ আন্তঃগাঠনি উন্নত কৰাৰ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাই।