/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/acaaimpul-copy.jpg)
ডিজিটেল সংবাদ,ধেমাজি : দেওবাৰে সন্ধিয়া প্ৰায় ৬ টা মান বজাত ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখে আহি থকা নীলা ৰঙৰ AS01EF7020 নম্বৰৰ বাহন খনে চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত টকৌবাৰী গাওঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে তীব্ৰ গতি বেগেৰে খুন্দিওৱাৰ ফলত ঠাইতে নিহত হয় মহিলা এগৰাকী ৷
জানিব পৰা মতে নিহত মহিলা গৰাকী টকৌবাৰী গাওঁৰ মধে ভূঞাঁৰ পত্নী অকনি ভূঞাঁ (৫০) ৷ ঘটনাক্ৰমে ওচৰতে থকা প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মহিলা গৰাকীয়ে ৰাজপথেৰে আহি থকা অৱস্থাতে ধেমাজি অভিমুখে যোৱা বাহনখনে তীব্ৰ গতিৰে আহি মহিলা গৰাকীক খুন্দিয়াই। তাৰ ফলত ঘটনাস্থলীৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত মহিলা গৰাকী উফৰি পৰে ৷ ইতিমধ্যে মৃতকৰ পৰিয়াল বৰ্গই চিচিবৰগাঁও আৰক্ষী চকীত ঘটনাৰ বিষয়ে এজাহাৰ দাখিল কৰিছে ৷
উল্লেখ্য যে ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ পলায়ন কৰি অহা আৰক্ষী বিষয়া অমৃত দে' ৰ গাড়ী পিছে পিছে খেদি গাওঁখনৰ বহু কেইগৰাকী যুৱকে আহি ধেমাজি আৰক্ষী থানাত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ ধেমাজি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে সকলো ব্যৱস্থা গ্ৰহনৰ আশ্বাসৰ পিছতহে যুৱক সকলে আৰক্ষী থানাৰ সন্মুখৰ আতৰি যায় গৈ ৷এই ঘটনাই সমগ্ৰ চিচিবৰগাঁও অঞ্চলতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
আৰু পঢ়ক: ১০ বছৰৰ পাছত অসমে টেবুল টেনিছত থকা পূৰ্বৰ গৰিমা ঘূৰাই পাইছে: মন্ত্ৰী হাজৰীকা