/asomiyapratidin/media/media_files/2025/01/26/BVlG7z5IJkMwoyIQB5MB.jpg)
ডিজিটেল সংবাদ,ধেমাজি: দেওবাৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে ভাষণত অশেষ ত্যাগ স্বীকাৰ কৰি দেশৰ হকে আত্ম বলীদান দিয়া সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ২০০৪ চনত স্বাধীনতা দিৱসৰ প্ৰেৰেড গাউণ্ড ধেমাজি মহাবিদ্যালয় খেলপথাৰত উগ্ৰপন্থীৰ বোমা বিষ্ফোৰণত নিহত হোৱা শিশু মহিলাসহ ১৩ গৰাকী শ্বহীদক সোঁৱৰে ৷
ভাষণত তেওঁ শিক্ষিত নিৱনুৱা সকলৰ লগতে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰি মুখী নহৈ সংস্থাপন মুখী হ'বলৈ
আহ্বান জনোৱাৰ উপৰিও দৈনিক নতুন চিন্তা আৰু নতুন আইডিয়াৰে প্ৰজেক্ট বনাই প্ৰতিযোগীতাৰে আগবাঢ়ি যাবলৈ গুৰুত্বআৰোপ কৰে ৷ বিশেষভাৱে ধেমাজি জিলাখনৰ সৰ্বাগীণ উন্নয়নৰ দিশত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰে ৷
চৰকাৰে ধেমাজিলৈ ইতিমধ্যে আত্মনিৰ্ভৰ পৰিকল্পনাৰে বাবে পাঁচ হেজাৰ লিটাৰ দুগ্ধ উৎপাদন কৰিবলৈ প্ৰচেছিং কৰি থকা সময়তে মুখ্যমন্ত্ৰীয়ে আৰু দহ হেজাৰ লিটাৰ দুগ্ধ উৎপাদনৰ বাবে এক আচঁনিৰ অনুমোদন দিছে ৷ ইয়াৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ একেদৰে জিলাখনত অসম মেলা আচঁনিৰ অধীনত অতিশীঘ্ৰেই দুটাকৈ ৰাষ্টাৰ আগুন্তুুক দিনত নিৰ্মান হ'ব বুলি উল্লেখ কৰে ৷
ধেমাজি নগৰখনত স্পৰ্শ নকৰাকৈ সোঁফালে ঢকৱাখানা-মাছখোৱা হৈ বগীবিলৈকে, আনহাতে বাওঁফালে উত্তৰৰ দিশে গেৰুকামুখ,নলবাৰী আৰু জয়ৰামপুৰ হৈ লিকাবালিলৈকে পথ নিৰ্মাণৰ পৰিকল্পনা হৈছে। এই পথ অহা পাচঁ বছৰৰ ভিতৰত হৈ উঠিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ এইবাৰ গণৰাজ্য দিৱসত মুঠ ৩২ টা মাৰ্চপাষ্ট দলে অংশগ্ৰহণ কৰে৷ ইয়াৰে লৰাৰ প্ৰথম স্থান লাভ কৰে ধেমাজি মাৰ্ডাচ প্ৰাইড চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ৷
ছোৱালীৰ প্ৰথম স্থান লাভ কৰে ধেমাজি সু-বিদ্যা চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ৷ ল'ৰাৰ দ্বিতীয় স্থান লাভ কৰে ধেমাজি শিক্ষা ৰিটিক্স স্কুলে ৷ ছোৱালীৰ দ্বিতীয় স্থান লাভ কৰে ধেমাজি এচ এফ চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ৷ ল'ৰাৰ তৃতীয় স্থান লাভ কৰে ধেমাজি গুৰুকূল স্কুলে আৰু ছোৱালী তৃতীয় স্থান লাভ কৰে ধেমাজি মাৰ্ডাচ প্ৰাইড চিনিয়ৰ চেকেণ্ডাৰী স্কুলে ৷
নিচুকনি স্থান লাভ কৰে লৰাৰ শাখাত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু ছোৱালী শাখাত ধেমাজি যোগেশ গোহাঁই হাই স্কুলে ৷বৃত্তিগত শাখাত স্থান লাভ কৰে ধেমাজি মহিলা আৰক্ষীয়ে। এন চি চি
স্কাউদ গাইডত স্থান লাভ ধেমাজি চিটি মহাবিদ্যালয়ৰ ছোৱালী শাখাই ৷ একেদৰে বহুকেইটা বিভাগে অংশগ্ৰহণ কৰা প্ৰতীকপট প্ৰদৰ্শনত প্ৰথম স্থান লাভ কৰে ধেমাজি মহিলা আৰু শিশু বিকাশ বিভাগে ৷
দ্বিতীয় স্থান লাভ কৰে ধেমাজি জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰই আৰু তৃতীয় স্থান লাভ কৰে ধেমাজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷ আনহাতেদি ধেমাজি সদৰৰ কাৰ্য্যালয় সমূহত প্ৰস্বাৱগাৰ ,টইলেট
সমূহ পৰিষ্কাৰ-পৰিছন্নতা কৰি ৰাখি থোৱা বাবদ প্ৰথম স্থান অধিকাৰ কৰে ধেমাজি জিলা পৰিষদে ৷ দ্বিতীয় স্থান যুটীয়াভাৱে অধিকাৰ কৰে ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয় আৰু জিলা আয়ুক্ত কাৰ্য্যালয়ে ৷ তৃতীয় স্থান অধিকাৰ ধেমাজি উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ কাৰ্য্যালয়ে ৷