ধেমাজি ৰে'লৱে ষ্টেচনৰ প্ৰস্ৰাৱগাৰত অচেতন অৱস্থাত উদ্ধাৰ শিশুঃ আৰ পি এফে তৎপৰতাৰে চমজালে পৰিয়ালক

ধেমাজি ৰে'লৱে ষ্টেচনৰ প্ৰস্ৰাৱগাৰত দেওবাৰে এটি ১৫ বছৰীয়া শিশুক অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল আৰ পি এফ বাহিনীয়ে। চিকিৎসাৰ অন্তত আজি সেই শিশুটিক চমজাই দিলে পৰিয়ালক।

author-image
Tushar Pratim
New Update
ধেমাজি ৰে'লৱে ষ্টেচনৰ প্ৰস্ৰাৱগাৰত অচেতন অৱস্থাত উদ্ধাৰ শিশুঃ আৰ পি এফে তৎপৰতাৰে চমজালে পৰিয়ালক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি ৰে'লৱে ষ্টেচনৰ প্ৰস্ৰাৱগাৰত দেওবাৰে এটি ১৫ বছৰীয়া শিশুক অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল আৰ পি এফ বাহিনীয়ে।ধেমাজি ৰে'লৱে ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰ পি এফ বাহিনীয়ে উদ্ধাৰ কৰা শিশুটিক তাৰ পিছত ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ 

Advertisment

পিছত সুস্থ অৱস্থালৈ ঘূৰি অহাত শিশুটিক পশ্চিমবংগৰ কনগান বেৰিয়াৰ দক্ষিণ-২৪ পৰাগনাৰ  বুলি চিনাক্ত কৰে৷ সোমবাৰে বিয়লি শিশুটিৰ পৰিয়ালৰ মানুহ আহি ধেমাজিত উপস্থিত হোৱাত ধেমাজি সদৰ আৰক্ষী থানাৰ সহযোগত ধেমাজি ৰে'লৱে ষ্টেচনৰ আৰ পি এফ বাহিনীৰ বিষয়া অমৰ দত্তই পৰিয়ালক শিশুটিক চমজাই দিয়ে৷ 

ধেমাজি ৰে'লৱে ষ্টেচনৰ আৰ পি এফ বাহিনীৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰে'লৱে বিভাগৰ এনে তৎক্ষাণিক উদ্যোগক শিশুটিৰ পৰিয়ালৰ লগতে ধেমাজি সচেতন ৰাইজে শলাগ লৈছে৷

চি আৰ পি এফ