/asomiyapratidin/media/media_files/2025/12/09/fsdfsdsdsd-2025-12-09-23-18-29.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি লোক নিৰ্মাণ পথ বিভাগৰ ছেকচন এচিছটেন্ট হেম চন্দ্ৰ ফুকন নামৰ ৫৪ বছৰীয়া কৰ্মচাৰীজনে কাৰ্যালয়তেই হাৰ্ট এটেকত মৃত্যু হোৱা ঘটনাই মঙ্গলবাৰে ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে, ধেমাজি ভেহপৰা জোনাকী নগৰৰ নিবাসী তথা বিভাগটোৰ কৰ্মৰত ছেকচন এচিছটেন্ট ফুকনে মঙলবাৰে পুৱা ১০ বজাতেই কাৰ্যালয়লৈ আহিছিল ৷ বিভাগটোৰ অধীক্ষক অভিযন্ত্ৰাজনৰ মুখ্য কাৰ্য্যালয় সহায়ক নিত্যা চেতিয়াৰ পৰা কাৰ্যালয় বিশেষ গুৰুত্বপূৰ্ণ কাগজ এখন বিচাৰিছিল ৷ কিন্তু কাৰ্যালয়ৰ মুখ্য সহায়কজনে কাগজখন নিদিয়াৰ ফলতেই
তেওঁৰ সৈতে বাক-বিতণ্ডাৰ হোৱাত অন্তিম পৰ্যায়ত কাৰ্যালয় সহায়ক চেতিয়াই কৰ্মচাৰীজনক শাৰিৰীকভাৱে অপদস্থ কৰে।
ইযাৰ পাছতে ফলতেই কৰ্মচাৰীজন কাৰ্যালয়ৰ বাহিৰলৈ আহে আৰু থিতাতে ধলি পৰে বুলি পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে ৷ অৱেশ্যে ঘটনাৰ পিছতেই ততাতৈয়াকৈ কৰ্মচাৰী ফুকনক ধেমাজি অসামৰিক চিকিৎসালয়ৰলৈ নিয়া হৈছিল যদিও চিকিৎসকে অৱশেষত মৃত্যু হোৱা বুলি ঘোষণা কৰে৷
ঘটনাৰ সংক্ৰান্তত কৰ্মচাৰীজনৰ পুত্ৰ দেৱাশিস ফুকনে ইতিমধ্যে বিয়লি কাৰ্যালয়ৰ মুখ্য সহায়ক নিত্যা চেতিয়াই শাৰিৰীকভাৱে অপদস্থ কৰাৰ বাবেই হাৰ্ট একেট হৈ মৃত্যু হোৱা বুলি অভিযোগ কৰি ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে ৷ ঘটনাৰ পিছতেই ঘটনাস্থলীত গৈ আৰক্ষীয়ে তদন্ত কৰাৰ লগতে বিভাগটোৰ কাৰ্য্যালয়ৰ মুখ্য সহায়ক নিত্যা চেতিয়াক সন্ধিয়া আৰক্ষীয়ে আটক কৰি সোধাপোচা কৰিছে ৷
মৃত্যুৰ সময়ত হেম চন্দ্ৰ ফুকনে পত্নীৰ, দুই পুত্ৰ, এগৰাকী বোৱাৰী সৈতে পৰিয়ালয়ৰ অনেকজনক এৰি গৈছে ৷ ইফালে কৰ্মচাৰীজনৰ আকস্মিক মৃত্যু ঘটনাই ধেমাজিৰ নগৰখনৰ লগতে তেওঁ জন্ম স্থান ঘিলামৰা ঘটাপৰাতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us