মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিৰ বৰাচিৰা নামঘৰত ৰাজহুৱা সভা...

মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিৰ বৰাচিৰা নামঘৰত ৰাজহুৱা সভা...

author-image
Asomiya Pratidin
New Update
মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিৰ বৰাচিৰা নামঘৰত ৰাজহুৱা সভা...

ডিজিটেল সংবাদ ,ধেমাজিঃ  কেৰেকনি পৰা আমগুৰি পি. ডব্লিউ. ডি দলঙৰলৈকে শীঘ্ৰেই মথাউৰি নিৰ্মাণ কৰা , দীঘদীন ধৰি দাবী কৰি অহা পিছতো আজিলৈকে জল সম্পদ বিভাগে মথাউৰি নিৰ্মান নকৰা ফলত অঞ্চলটোৰ বহু  কেইখন ৰাইজে ভুক্তভুগী হ'ব লগীয়া হোৱা ফলত  চৰকাৰে মথাউৰি নিৰ্মান  নকৰা পৰ্যন্ত সাৰ্হায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই দেওবাৰে ধেমাজি ১ নং  বৰাচিৰা নামঘৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়৷

Advertisment

অসম জাতীয়তাবাদী যুৱ পৰিদষদৰ ধেমাজি জিলা সমিতিৰ সভাপতিসঞ্জীৱ চেতিয়াৰ  সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ১ নং বৰাচিৰা গাওঁ , ২নং বৰাচিৰা ,১ নং গোহাঁইপাম ,২ নং গোহাঁইপাম ,৩ নং গোহাঁইপাম ,৪ নং গোহাঁইপাম ,২ নং ঘিলাগুৰি আৰু ৩ নং ঘিলাগুৰিকে ছয়খন গাওঁৰ  তিনি শতাধিক পৰিয়ালৰ প্ৰায়  চাৰি  সহশাধিক জনসংখ্যাৰে বসতিপ্ৰধান গাওঁকেইখনক নদীখনৰ বানে সৃষ্টি  কৰা সমস্যাকলৈ গাওঁখনৰ ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷

দেওবাৰে  অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই স্হানীয় বিধায়ক ভূৱন পেগু , শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱা আৰু জল সম্পদ বিভাগক শীঘ্ৰেই কেৰেকনি পৰা আমগুৰি পি.ডব্লিউ. ডি  দলঙৰলৈকে মথাউৰি  নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ  সৰ্বসন্মতি ক্ৰমে উপস্থিত ৰাইজে প্ৰস্তাৱ কৰে ৷ বছৰ বছৰ ধৰি এই নদীৰ বানে সৃষ্টি কৰা সমস্যাৰ ফলতো চৰকাৰ আৰু মন্ত্ৰী বিধায়কে কোনো গুৰুত্ব নিদিয়াৰ ফলত সভাত  উপস্থিত ৰাইজে ক্ষুন্ন  হৈ পৰে ৷

সভাত উপস্থিত থকা অঞ্চলবাসী ৰাইজে জল সম্পদ বিভাগ আৰু চৰকাৰে  আগন্তুক দিনত যদি শীঘ্ৰেই মথাউৰি নিৰ্মাণৰ কোনো পদক্ষেপ নকৰে তেন্তে জল সম্পদ বিভাগ আৰু  চৰকাৰৰ বিৰুদ্ধে এক বৃহত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হ'ব বুলি সক্ৰিয়াই দিয়ে ৷ সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল  চুতীয়া ,সদৌ অসম কৈৱৰ্ত্ত  যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক ৰিতু দাস ,কেশৰাম দাস, ভূৱন কোঁৱৰ ,সুখেশ্বৰ দাস , মতিলাল  দাস ,পুতু দাস আৰু ৰেৱতী  দাসকে ধৰি বহু কেইগৰাকী স্হানীয় ব্যক্তি তথা  ৰাইজে বক্তব্য ৰাখে ৷

Also Read: জামুগুৰিহাটত প্ৰচণ্ড ধুমুহা: বৰগছ বাগৰি কেইবাখনো দোকানৰ ক্ষতি সাধন

ধেমাজি