ধেমাজি ঐক্য মঞ্চৰ উদ্যোগত দুঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট

ধেমাজি সদৰ গাঁওসমূহৰ উন্নয়ন প্ৰাধিকৰণৰ পৰিসীমা কৰ্তন কৰা, খেতিপথাৰৰ মাটিসমূহ অতি শীঘ্ৰেই ম্যাদী পট্ৰা প্ৰদান কৰা, মাটি খাজনা হ্ৰাস কৰা ইত্যাদি দাবীৰে উত্তাল হৈ পৰে ধেমাজিৰ আকাশ- বতাহ।

author-image
Asomiya Pratidin
New Update
197

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি সদৰ গাঁওসমূহৰ উন্নয়ন প্ৰাধিকৰণৰ পৰিসীমা কৰ্তন কৰা, খেতিপথাৰৰ মাটিসমূহ অতি শীঘ্ৰেই ম্যাদী পট্ৰা প্ৰদান কৰা, মাটি খাজনা হ্ৰাস কৰা ইত্যাদি দাবীৰে উত্তাল হৈ পৰে ধেমাজিৰ আকাশ- বতাহ। এই সমূহ দাবীৰে মঙলবাৰে ধেমাজি ঐক্য মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজালৈকে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে ৷ প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ বিজেপি চৰকাৰ হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, মন্ত্ৰী ৰনোজ পেগু হুঁচিয়াৰ, বিজেপি চৰকাৰ লেই লেই ছেই ছেই ধ্বনিৰে ধৰ্মঘটস্থলী উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰীসকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ ঐক্য মঞ্চ,ধেমাজিৰ সভাপতি উজ্জ্বল চুতীয়াৰ পৰিচালনাত
অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত মুখ্য উপদেষ্টা হৰিশ পেগু, কাৰ্য্যকৰী সভাপতি ৰতন কছাৰী , সম্পাদক দুৰ্গা বড়া ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া , কৃষক মুক্তি সংগ্ৰাম ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন শালৈ , গণ মঞ্চ ধেমাজিৰ সভাপতি লক্ষীনাৰায়ন বুঢ়াগোঁহাই ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য কৃষ্ণ ভুঞা , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়াই উপস্থিত থাকে।

উপস্থিত নেতাসকলে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহন কৰা বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ প্ৰতিগৰাকী বক্তাই দিয়া ভাষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে নিজকে খিলঞ্জীয়া চৰকাৰ বুলি দাবী কৰি অহা 
সময়তে আকৌ খিলঞ্জীয়া বিৰোধী কাৰ্য্যই চৰকাৰখনৰ দুমুখীয়া নীতিৰ চৰিত্ৰ উদঙাই দিছে বুলি উল্লেখ কৰে ৷ ৰাইজৰ অভিযোগ ধেমাজি সদৰ গাঁও সমূহ উন্নয়ণ প্ৰাধিকৰণৰ অন্তভুৰ্ক্ত কৰাৰ বাবে এই চৰকাৰৰ দিনত ধেমাজি অঞ্চলৰ দুখীয়া দৰিদ্ৰ কোনো এজন কৃষকেই এই পৰ্যন্ত খেতি পথাৰৰ মাটি ম্যাদী কৰিব পৰা নাই ৷

ধেমাজি জিলাখনৰ অধিকাংশ লোকেই কৃষিৰ ওপৰতেই জীৱন জীৱিকাৰ নিৰ্ভৰশীল ৷ ইফালে ধেমাজি নগৰখন পৌৰসভা হৈছে যদিও নগৰৰ চাৰিটা বাৰ্ডৰ বাদে অন্যান্য ৱাৰ্ডসমূহ পৌৰসভাৰ চাৰিসীমা ভিতৰত থকা পিছতো ৰাইজে পাব লগা সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷

বিশেষকৈ ধেমাজি পৌৰসভাৰ চাৰিসীমাৰ পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত ধেমাজি উন্নয়ন প্ৰাধিকৰণত অন্তভুৰ্ক্ত কৰাৰ বাবে ৰাইজে মাটি ম্যাদী পট্টা কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাত পৰিব লগা হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে ৷ এই
সমস্যাবোৰ যদি চৰকাৰ আৰু জিলা প্ৰশাসনে সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ২৬ ডিচেম্বৰত ঐক্য মঞ্চৰ
উদ্যোগত কৃষকসকলে ধেমাজি ৰাজহ চক্ৰৰ বিষয়া কাৰ্য্যালয় ঘেৰাও কৰিব বুলিও সকিয়াই দিয়ে ৷

ধেমাজি