সমাগত পঞ্চায়ত নিৰ্বাচনঃ ধেমাজিত জিলা নিৰ্বাচনী পৰ্যবেক্ষকৰ সভা...

জিলা পৰিষদৰ ১২ টা সমষ্টিত মুঠ ৩৪ গৰাকীৰ প্ৰাৰ্থী, ৬৫ টা আঞ্চলিক পঞ্চায়তত ১৫৫ গৰাকী প্ৰাৰ্থী আৰু ৬৫০ টা গাঁও পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়ত মুঠ ১৬১৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ি্

ডিজিটেল সংবাদ,ধেমাজি: প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা গাঁও পঞ্চায়ত নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে হৈ যোৱা মনোনয়ন পত্ৰৰ প্ৰত্যাহাৰ দিনৰ পিছত ধেমাজি জিলা নিৰ্বাচনী বিভাগে জিলাখনৰ প্ৰাৰ্থী সকলৰ তথ্য প্ৰকাশ কৰিছে। জিলা পৰিষদৰ ১২ টা সমষ্টিত মুঠ ৩৪ গৰাকীৰ প্ৰাৰ্থী, ৬৫ টা আঞ্চলিক পঞ্চায়তত ১৫৫ গৰাকী প্ৰাৰ্থী আৰু ৬৫০ টা গাঁও পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়ত মুঠ ১৬১৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

Advertisment

ইয়াৰে ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিত মুঠ ২০ গৰাকী আৰু জোনাই সম জিলাত ২৩ গৰাকীৰ সৈতে
মুঠ ৪৩ গৰাকী ৱাৰ্ড সদস্য/ সদস্যাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ একেদৰে জিলাখনৰ ১৫৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰতিদ্বন্দ্বীৰ ভিতৰত ৩ গৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷

উল্লেখ্য যে, এই ৱাৰ্ড পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এইবাৰ ধেমাজি সমষ্টিৰ ৩ নং শান্তিপুৰ দিঘলীবস্তি ৱাৰ্ডত বাল্য বিবাহত অনামিকা (ৰায়)দাস নামৰ এগৰাকী মহিলায়ো গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ কৰিছে ৷

বৃহস্পতিবাৰে ধেমাজি সদৰ আৰক্ষী থানাত ৱাৰ্ডটোৰ বাসিন্দা কৃষ্ণ বৰা নামৰ লোকেজনে ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অনামিকা ৰায় দাসৰ বিৰুদ্ধে বাল্য বিবাহৰ বিষয়লৈ এখনি লিখিত এজাহাৰ দাখিল কৰে। জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া আৰু জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়াক এই সন্দৰ্ভত জনোৱা পাছত নিৰ্বাচনী বিভাগটোত এতিয়া হাহাকাৰ লাগিছে ৷ 

এই সকলো বিষয় সাঙুৰি শুকুৰবাৰে দুপৰীয়া ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সকলৰ সৈতে এখনি সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলা নিৰ্বাচনী পৰ্যবেক্ষক মনোজ কুমাৰ বৰুৱা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ,জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়,জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ আৰু অতিৰিক্ত জিলা আয়ুক্ত কুলদ্বীপ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত প্ৰতিদ্বন্দ্বী সকলক নিৰ্বাচনৰ সময়চোৱাত আৰ্দশ আচৰণ বিধি পালন নিৰ্দেশনা প্ৰদান কৰে।

পঞ্চায়ত নিৰ্বাচন