/asomiyapratidin/media/media_files/2024/12/08/puDawcbtEkzweiBoUDap.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ মহিলা কেতিয়া সুৰক্ষিত হ'ব , নাৰী নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ ঐক্যদ্ধ হওক , আমি আৰু মৌন হৈ নাথাকো ,সাৱস্ত কৰিবলৈ নিজৰ পছন্দ উথাপন হৈছে নাৰীকন্ঠ,সমতাই কোনো লিংগ নাজানে , সংহতিয়েই শক্তি ,ন্যায়ৰ বাবে একত্ৰিত হওক সমতাৰ বাবে থিয় হওক ইত্যাদি দাবীত নৰ্থ ইষ্ট নেটৱক গ্ৰামীন মহিলা কেন্দ্ৰ ধেমাজিৰ এক শতাধিক মহিলাই হাতে-হাতে মমবাতি
লৈ যোৱা শুকুৰবাৰে সন্ধিয়া ধেমাজি চাৰি আলিত এক প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ন কৰে ৷
/asomiyapratidin/media/media_files/2024/12/08/dh2De30792Hh7weLFwGc.jpg)
প্ৰতিবাদী মহিলা সকলে ইতিমধ্যে লিংগ ভিত্তিক নিৰ্যাতনৰ বিৰুদ্ধে ষোল দিনীয়াকৈ সমাজ কল্যান বিভাগৰ সহযোগত যোৱা ২৫ নৱেম্বৰ পৰা অহা ১০ ডিচেম্বৰলৈকে সক্ৰিয় প্ৰচাৰ অভিযান বৈচিত্ৰ্য আৰু সকলোৱে অন্তভুৰ্ক্তিৰ বাবে একলগে আমি জাগি উঠোঁ ,একত্ৰিত হওঁ ইত্যাদিৰ শ্লো'গানেৰে কাৰ্য্যসূচী অবাহত ৰাখিছে ৷
/asomiyapratidin/media/media_files/2024/12/08/ibH2uZDLbQCVUFKEALxt.jpg)
ধেমাজি সমাজ কল্যান বিভাগৰ অঙ্গণবাড়ী কৰ্মী , সহায়িকাকে ধৰি বহু কেইটা মহিলা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদী মহিলা সকলে স্হলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷
/asomiyapratidin/media/media_files/2024/12/08/aaLgTkMStfRJYO0Af7RW.jpg)
সভাত গুৱাহাটীৰ এচচিয়েট প্ৰজেক্ট লিটৰ বৈশ্বালী গাৰ্গ , গাণনিক নমিতা কোঁৱৰ , ধেমাজিৰ কউনিটি মবিউলাজা অৰ্পণা চুতীয়াকে ধৰি বিষয়ববীয়া তথা নেত্ৰীৰ লগতে ধেমাজি সমাজকল্যাণ বিভাগৰ মহিলা শিশু অৰ্থনৈতিক সাক্ষৰতাৰ জিলা প্ৰগেম সমন্বয়ক ফুল কুমাৰ ফুকন আৰু সমাজকল্যাণ বিভাগৰ লিংগ
বিশেষজ্ঞ গীতাঞ্জলী গগৈয়ে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us