ধেমাজি মহাবিদ্যালয়ত সদৌ অসম সত্ৰ মহাসভাৰ ৰাজহুৱা সভা

বিধায়ক ৰণোজ পেগুক সভাপতি আৰু শ্ৰীশ্ৰী কাথপাৰা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰশান্ত গোস্বামীক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজি:  ১৫ নৱেম্বৰত ধেমাজিত অনুষ্ঠিত হ'ব সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱস। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰিব সদৌ অসম সত্ৰ মহাসভাই।কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসলৈ দেশৰ উপ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ ৰাজহুৱা সভাৰ।

Advertisment

সদৌ অসম সত্ৰ মহাসভাৰ আয়োজনকলৈ ইতিমধ্যে শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগুক সভাপতি আৰু শ্ৰীশ্ৰী কাথপাৰা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰশান্ত গোস্বামীক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে ৷ 

দেওবাৰে সদৌ অসম সত্ৰ মহাসভাৰ  ৰাজহুৱা সভাত অংশ লয় অহা সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা শ্ৰীশ্ৰী জগৰাল সত্ৰ নগাঁৱৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, মহমুদ আছাদ মাদানী কোন? তেওঁ অসমৰ সংস্কৃতিত কি অৱদান আছে যে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত মতাৰ কি অধিকাৰ আছে ৷

অসম সত্ৰ মহাসভা