ড° তাৰানাথ দুৱৰা সোঁৱৰণী স্মাৰক গ্ৰন্থ “তাৰা” উন্মোচন...

সদ্য প্ৰয়াত ড° তাৰানাথ দুৱৰাক সোঁৱৰি তেওঁক এগৰাকী অত্যন্ত সাহসী লোক আছিল বুলি উল্লেখ কৰি উন্মোচক হাজৰিকাই কয় যে, কাৰোবাৰ বিপদ হ'লে কাকো এৰি নিদিয়া এটা মহান গুণ আছিল তাৰানাথৰ ৷

author-image
Asomiya Pratidin
New Update
cv

ডিজিটেল সংবাদ,ধেমাজীঃ  প্ৰয়াত ড° তাৰানাথ দুৱৰাৰ আদ্যশ্ৰাদ্ধ দেওবাৰে আনুষ্ঠানিকভাৱে ডিব্ৰুগড় স্হিত তেওঁৰ নিজা বাসগৃহ ভূলীচুকত অনুষ্ঠিত হৈ যায় ৷ এই উপলক্ষে পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিওৱা প্ৰয়াত ড° তাৰানাথ দুৱৰা সোঁৱৰণী স্মাৰক গ্ৰন্থ “তাৰা” আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকাই ৷

Advertisment

স্মাৰক গ্ৰন্থ উন্মোচন কৰি ড° হাজিৰকাই কয় যে, আমি অহা জন যাবই লাগিব এয়াই হৈছে সংসাৰৰ নিয়ম ৷ দুৱৰাক সোঁৱৰি তেওঁক এগৰাকী অত্যন্ত সাহসী লোক আছিল বুলি উল্লেখ কৰি উন্মোচক হাজৰিকাই কয় যে, কাৰোবাৰ বিপদ হ'লে কাকো এৰি নিদিয়া এটা মহান গুণ  আছিল তাৰানাথৰ ৷

গ্ৰন্থ উন্মোচনী পূৰ্বে উন্মোচক ড° গোপাল চন্দ্ৰ হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপ পঞ্জীয়ক ৰোহিনী কুমাৰ বুঢ়াগোঁহাই , শতদলৰ সভাপতি পুতলী কায়স্থ , উপ-সভাপতি ডাঃ দীপক দেউৰীৰ সৈতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, ভকত বৈষ্ণৱ আৰু ৰাইজে প্ৰয়াত ড° তাৰানাথ দুৱৰাৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ 

উল্লেখ্য যে, চিকিৎসাধীন অৱস্থাত কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়ত যোৱা ১৪ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ সংগ্ৰহালয়ৰ জ্যেষ্ঠ তত্ত্বাৱধায়ক গৰাকীৰ।

 

ধেমাজী