Advertisment

৫০ লাখ টকীয়া বিদ্যুতৰ টাৱাৰৰ লোহাৰ চোৰৰ ঘটনাক লৈ অৱশেষত গোচৰ ধেমাজি আৰক্ষীৰ...

ধেমাজি ৰে'লৱে ষ্টেচনৰ সমীপৰ ৰে'লৱে দলঙৰ ওচৰৰ পৰা যোৱা ২৯ জানুৱাৰীতেই বিয়লি এটা চুৰৰ দলে দিনদুপৰতে ব'লেৰ পিক আপ গাড়ী, টেক্টৰ , গেছ চিলিণ্ডাৰ লৈ অবাধে বিদ্যুতৰ টাৱাৰ কাটি থকা অৱস্থাতে অঞ্চলটোৰ  এগৰাকী

author-image
Asomiya Pratidin
New Update
ধেমাজি

ধেমাজি Photograph: (ধেমাজি চোৰ)

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি ৰে'লৱে ষ্টেচনৰ সমীপৰ ৰে'লৱে দলঙৰ ওচৰৰ পৰা যোৱা ২৯ জানুৱাৰীতেই বিয়লি এটা চুৰৰ দলে দিনদুপৰতে ব'লেৰ পিক আপ গাড়ী, টেক্টৰ , গেছ চিলিণ্ডাৰ লৈ অবাধে বিদ্যুতৰ টাৱাৰ কাটি থকা অৱস্থাতে অঞ্চলটোৰ  এগৰাকী সচেতন ব্যক্তি ৰতন সোণোৱাল নামৰ লোকজনে ঘটনাৰ সম্পৰ্কে ৰাইজক তৎতৈয়াৰকৈ অৱগত কৰা লগতে ধেমাজি সদৰ আৰক্ষী থানাতো ঘটনাৰ সম্পৰ্কে লিখিত এজেহাৰ দাখিল কৰিছিল ৷

Advertisment

উল্লেখ্য যে ব্যক্তিজনৰ এজেহাৰ ভিত্তিত আৰক্ষীয়ে লগে লগেই গাড়ীসহ বিদ্যুতৰ কাটা টাৱাৰ জব্দ কৰিছিল ঠিকেই কিন্ত  এনে গুৰুত্বপূৰ্ণ ঘটনাকলৈ  চুৰৰ দলটোক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল৷ ইফালে গোচৰীয়াই গোচৰত উল্লেখ কৰামতে চুৰে ব্যৱহাৰ কৰা টেক্টৰ, গেছ চিলিণ্ডাৰ , টাৱাৰ কাটা মেচিন সজুঁলিসমূহ  এতিয়াও জব্দ হোৱা নাই ৷ তাৎপৰ্যপূৰ্ণভাৱে বহুকেইদিনৰ পিছত  শনিবাৰেহে ধেমাজি আৰক্ষীয়ে এই চুৰৰ ঘটনাকলৈ নতুন আইন অনুসৰি ভাৰতীয় দণ্ডবিধি  ৩০৩(২) DNSৰ জামিন বিহীন ধাৰাত ১৯/২৫ নম্বৰত ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰিছে৷

এগৰাকীৰ অভিযন্ত্ৰাৰ মতে  ৰে'লৱে বিদ্যুৎ বিভাগৰ টাৱাৰৰ একোটা মূল্যৰ পঞ্চাশ লাখ টকাৰো কম নহয় বুলি কয় ৷  অতি গুৰুত্বপূৰ্ণ বিষয় এই যে লখিমপুৰৰ ৰে'লৱে বিভাগৰ অভিযন্ত্ৰা আকাশ বৰুৱাৰ প্ৰত্যক্ষৰ নিৰ্দেশত ধেমাজিৰ চোৰৰ দলটোৱে কাবাৰীক বিক্ৰী কৰাৰ উদ্দেশ্যে চুৰৰ গেংটোৰ সৈতে ৰে'লৱে অভিযন্ত্ৰাৰ গোপন অভিসন্ধি থকাৰ কেতবোৰ তথ্য পোহৰলৈ আহিছে ৷

সেইয়ে ঘটনাৰ দিনাই অভিযন্ত্ৰা গৰাকীয়ে ৮০ কিঃ মি দূৰত্বত থকা লখিমপুৰৰ পৰা কাগজ স্বাক্ষৰ কৰি ৰাতিয়েই ধেমাজি এপিডিচিএলৰ সহকাৰী প্ৰৱন্ধক সুনীল পেগুৰলৈ প্ৰেৰণ কৰাটোৱে  ঘটনাটোৰ সৈতে জড়িত ইংগিত বহন কৰিছে ৷ এনে  বিয়াগোম লাখ টকাৰ  টাৱাৰ চুৰৰ ঘটনাৰ একমাত্ৰ অসমীয়া প্ৰতিদিন আৰু অসমীয়া প্ৰতিদিনৰ ডিজিটেলত প্ৰকাশ  পোৱা পিছতে সকলোৰে দৃষ্টি গোচৰ হৈছে ৷

এই ঘটনাৰ জড়িত চোৰৰ দলটোৰ লগতে গাড়ী মালিক  টেক্টৰ , গেছ চিলিণ্ডাৰ আৰ মেচিনসমূহ শীঘ্ৰেই জব্দ কৰি চোৰৰ দলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়া আৰু ধেমাজি জিলা সমিতিৰ সভাপতি সম্পাদকে আৰক্ষী আৰু জিলা প্ৰশাসনক দাবী জনাইছে ৷

ধেমাজি