/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/19dd357c-b334-439a-8038-88411bec7589/ddddss.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ আপুনি হয়তো বিভিন্ন সামগ্ৰী চুৰ কৰাৰ খবৰ প্ৰায়েই পাই থাকে। কিন্তু এইবাৰ ধেমাজিত চুৰি হ'ল অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা। যোৱা বুধবাৰে সংঘটিত হৈছে এই ঘটনা।
ধেমাজি চাৰিআলিস্থিত বাতৰি কাকত এজেঞ্চি ধেমাজি বুক ষ্টলৰ সন্মুখৰ পৰাই চোৰে লৈ গল অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা। প্ৰতিদিনাৰ দৰে লখিমপুৰ সংস্কৰণৰ বাহনে এজেঞ্চিৰ সন্মুখত থৈ গৈছিল কাকতৰ টোপোলা।
কিন্তু তাৰ পিছতে অন্তৰ্ধান হয় কাকতৰ টোপোলোটো। ধেমাজি বুক ষ্টলৰ স্বত্তাধিকাৰী দীপক কলিতাই জনোৱা অনুসৰি, পূৰ্বেতেও এনে চুৰিকাণ্ড সংঘটিত হৈছে। আৰক্ষীৰ ওচৰত এই চুৰিকাণ্ডৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও চুৰিকাণ্ডৰ সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই।
ক্লিক কৰি পঢ়কঃ উদ্বেগজনকঃ অসমত বৃদ্ধি পাইছে সুৰাপায়ী সংখ্যা...