ধেমাজিত অন্তৱৰ্তীকালীন মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ শপত গ্ৰহণ

সংশোধিত স্বায়ত্ত্বশাসিত পৰিষদ আইন ১৯৯৫ৰ ধাৰা ৭(৩)ৰ অধীনত সাধাৰণ পৰিষদৰ নিৰ্বাচন নোহোৱা পৰ্যন্ত মিচিং স্বায়ত্ত্বশাসিত পৰিষদক অন্তৱৰ্তীকালীন স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ নিৰ্দেশ ৰাজ্যপালৰ...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। ৩৪ জনীয়া সদস্য আৰু সাধাৰণ সদস্যৰে গঠিত সমিতি খনৰ সদস্য সকলক আনুষ্ঠানিকভাৱে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে শপত গ্ৰহণ কৰায় ৷

Advertisment

WhatsApp Image 2025-07-22 at 5.30.27 PM

উল্লেখ্য যে,মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ বৰ্ধিত কাৰ্য্যকাল চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীতে সমাপ্ত হৈছিল। সংশোধিত স্বায়ত্ত্বশাসিত পৰিষদ আইন ১৯৯৫ৰ ধাৰা ৭(৩)ৰ অধীনত সাধাৰণ পৰিষদৰ নিৰ্বাচন নোহোৱা পৰ্যন্ত ৰাজ্যপালে মিচিং স্বায়ত্ত্বশাসিত পৰিষদক অন্তবৰ্ত্তীকালীন স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ নিৰ্দেশ দিয়ে।

WhatsApp Image 2025-07-22 at 5.31.18 PM

ইয়াৰ পাছতে আজি বিয়লি ২ বজাত সমিতি খনৰ সদস্য সকলক শপত গ্ৰহণ কৰোৱা হয়। ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ সদস্য সকলৰ লগতে ধেমাজি সমষ্টিৰ বিধায়ক মন্ত্ৰী ৰণোজ পেগু, বিধায়ক ভূৱন পেগু,নৱ কুমাৰ দলে আৰু ভূৱন গ্ৰামৰ সৈতে চৌত্ৰিশ জনীয়া সমিতিখন গঠন কৰা হয়।

মিচিং স্বায়ত্ত্বশাসিত পৰিষদ