মাছখোৱা চাৰিআলি ব্যৱসায়ীক কেন্দ্ৰস্থলৰ পথ নিৰ্মাণৰ বেমেজালি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

অসম মালাৰ আচঁনিৰ ধেমাজি তেলীজানৰ পৰা ঢকুৱাখনালৈকে নিৰ্মাণ কৰা পথচোৱাৰ মাছখোৱা চাৰিআলিৰ মধ্যস্থানক কেন্দ্ৰ কৰি বেমেজালিৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

author-image
Asomiya Pratidin
New Update
road

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ অসম মালাৰ আচঁনিৰ অধীনত ধেমাজি তেলীজানৰ পৰা ঢকুৱাখনালৈকে নিৰ্মাণ কৰি থকা পথচোৱাৰ মাছখোৱা চাৰিআলিৰ মধ্যস্থানত মাছখোৱা ৰাইজ, জিলা প্ৰশাসন আৰু চৰকাৰী কাৰিকৰী বিভাগৰ কাৰ্যকৰ্তাৰ বাৰম্বাৰ পৰ্যবেক্ষণ আৰু বিভিন্ন দিশত সুৰক্ষাৰ বাবে পথচোৱা পোনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰিয়েই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত কৰি ইতিমধ্যে মাটিৰ মালিক পক্ষক ক্ষতিপূৰণ হিচাপে চৰকাৰী ধন আদায়ো দিয়া হৈছিল আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল।

Advertisment

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ক্ষতি পূৰণৰ ধন মালিক পক্ষক দিয়াৰ ক্ষেত্ৰত মাটি,  ঘৰ আদিৰ সৈতে কোনো সম্পৰ্ক নথকা ব্যক্তিয়ে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেই হওক বা অন্য কাৰণতেই হওক আদালতত গোচৰ তৰি পথটোৰ নিৰ্মাণ কাৰ্যত ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। 

এনে অভিযোগেৰে শনিবাৰে মাছখোৱা অঞ্চলৰ শতাধিক ৰাইজে এক লিখিত স্মাৰকপত্ৰত স্বাক্ষৰ কৰি মাছখোৱাবাসীৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত চৰকাৰীভাৱে অধিগ্ৰহণ কৰা ভূমিৰ ওপৰতেই পথটোৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিবলৈ জিলা প্ৰশাসন আৰু চৰকাৰলৈ অনুৰোধ জনাইছে৷ স্মাৰকপত্ৰখনত উল্লেখিত দাবী অনুসৰি পুৰণা পথচোৱাৰ ওপৰত নতুনকৈ পথটো নিৰ্মাণ কৰিলে অঞ্চলবাসীৰ বিস্তৰ ক্ষতি হ'ব৷ 

ৰাইজে অভিযোগ কৰে যে, ৰাজহুৱা কামত বাধাপ্ৰদান কৰা মিন্টুৰাজ কামান আৰু চিণ্টুমনি শইকীয়া নামৰ ব্যক্তি দুজনক এই অঞ্চলৰ ৰাইজক প্ৰতিনিধিত্ব কৰিবলৈ কোনেও অনুমতি বা সন্মতি দিয়া নাই। যদি পুৰণি পথটোতে নতুনকৈ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে চৰকাৰে পুনৰ মাটিৰ গৰাকীসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলিও উল্লেখ কৰে৷ 

ৰাইজৰ দাবীমতে কোনো ঠিকাদাৰ নতুবা অন্য ব্যক্তিৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য নকৰি প্ৰথমেই চৰকাৰীভাৱে ভূমি অধিগ্ৰহণ কৰা ভূমিৰ ওপৰতে পথটো নিৰ্মাণ কৰিব লাগিব। মাছখোৱা চাৰিআলি ব্যৱসায় সন্থাকে ধৰি শতাধিক ৰাইজৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰখনি ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

ধেমাজি মাছখোৱা