/asomiyapratidin/media/media_files/2025/07/24/dhemaji-2025-07-24-23-50-15.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ আত্মসহায়ক গোটৰ পৰা কোটি টকাৰ ধন আত্মসাৎ কাণ্ডৰ সৈতে জড়িত বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনক বৃহস্পতিবাৰে পুৱা নগাঁও জিলাৰ জখলাবন্ধাৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধেমাজি সদৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি, গ্ৰেপ্তাৰৰ পিছতে অভিযুক্তক নিশা ধেমাজি সদৰ থানালৈ লৈ অহাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।
ইফালে, এই ঘটনা সংঘটিত হোৱাৰ ১৫ দিন পিছতো মূল অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতি ক্ষোভ প্রকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰু বহু আত্মসহায়ক গোটৰ সদস্যৰ সহযোগত ধেমাজিত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ধেমাজি কাছাৰী ময়দানৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি শতাধিক প্ৰতিবাদকাৰীয়ে ধেমাজি সদৰ আৰক্ষী থানা ঘেৰাও কৰিছিল উত্তাল প্ৰতিবাদ।
প্ৰায় আধা ঘণ্টা ধৰি চলা এই প্ৰতিবাদত অংশ লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজুৰাজ বৰপাত্ৰগোঁহাই, কাৰ্য্যকৰী সভাপতি দেৱজিৎ বৰুৱা, ধেমাজি জিলা সভাপতি যদুমনি গগৈ, সম্পাদক দূৰ্গা বৰা, আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা যুগল গগৈ, সভাপতি মন্টু কাৰ্দ্দং, ধেমাজি জিলাৰ সম্পাদক ভাউত্তম ভূঞা আদি বহু সংগঠন নেতৃবৃন্দ। পিছত, দণ্ডাধীশৰ উপস্থিতিত প্ৰতিবাদকাৰীৰে পৰা এখন স্মাৰকপত্ৰ গ্ৰহণ কৰা হয়। স্মাৰকপত্ৰত কল্পনা চেতিয়া বৰ্মনসহ সমগ্ৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনোৱা হৈছে।
উল্লেখযোগ্য যে, অভিযুক্ত কল্পনা চেতিয়া বৰ্মনে বেংক আৰু এছ আৰ এল এম কৰ্মচাৰীৰে সৈতে মিলি প্ৰায় ৩ কোটি টকাৰ আত্মসহায়ক গোটৰ ধন আত্মসাৎ কৰিছিল বুলি অভিযোগ উঠিছে। এই কাণ্ডৰ পূৰ্ণাঙ্গ তদন্ত আৰু ন্যায়িক ব্যৱস্থা গ্ৰহণৰ দাবীত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।