উৎকট গৰমত প্ৰাণ হেৰুৱালে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই

ধেমাজিত উৎকট গৰম সহ্য কৰিব নোৱাৰি এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে। গৰমৰ মাজতেই পাঠ গ্ৰহণ কৰি ঘৰলৈ গৈ অসুস্থ হৈছিল ছাত্ৰজন।

author-image
Asomiya Pratidin
New Update
উৎকট গৰমত প্ৰাণ হেৰুৱালে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত উৎকট গৰম সহ্য কৰিব নোৱাৰি এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান ফুকন (১২)-এ ১১ জুন, বুধবাৰে বিদ্যালয়লৈ আহিছিল। 

Advertisment

গৰমৰ মাজতে বিদ্যালয়ত পাঠ গ্ৰহণ কৰি ঘৰলৈ যোৱাৰ পিছতেই তেওঁ জ্বৰত আক্ৰান্ত হয় আৰু স্বাস্থ্যৰ অৱস্থা অতি জটিল হৈ পৰে। পৰিয়ালৰ লোকে তেওঁক জ্বৰৰ ঔষধ খোৱাই যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো পৰিবৰ্তন নহয়। 

ফলত বৃহস্পতিবাৰে পুৱা ততায়তৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ছাত্ৰজনক ভৰ্তি কৰোৱা হয়। কিন্তু তাতো তেওঁৰ অৱস্থা অধিক জটিল হোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। 

কিন্তু দুৰ্ভাগ্যজনকভাৱে ডিব্ৰুগড়লৈ যোৱাৰ পথতে বগীবিল দলঙৰ সমীপত ছাত্ৰজনৰ মৃত্যু হয়৷ জানিব পৰামতে ধেমাজি গোহাঁই গাঁৱৰ মোমায়েকৰ ঘৰত থাকি থাকি পঢ়াশুনা কৰা অভিজ্ঞানৰ নিজৰ ঘৰ আছিল শিৱসাগৰ জিলাত৷ পুত্ৰৰ এই মৰ্মান্তিক খবৰ পোৱাৰ পিছতেই পিতৃ বীৰেন ফুকন আৰু মাতৃ পৰিণীতা কোঁৱৰ ফুকনৰ সৈতে পৰিয়ালবৰ্গ শোকত ভাগি পৰিছে৷

ইপিনে এনে দুখজনক খৱৰ পোৱাৰ পিছতেই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালেও গভীৰ শোক প্ৰকাশ কৰিছে৷ ছাত্ৰজনৰ মৃত্যুত শুকুৰবাৰে পুৱাই বিদ্যালয়ত এখনি শোক সভা অনুষ্ঠিত কৰি দিনটোৰ বাবে পাঠদান বিৰত ৰখা হয়৷ 

পিছত বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী নেতৃত্বত শিক্ষক-শিক্ষয়ত্ৰী আৰু  ছাত্ৰ-ছাত্ৰীসকলে অভিজ্ঞান বাসে কৰা ধেমাজি গোহাঁই গাঁৱৰ মোমায়েকৰ ঘৰলৈ গৈ শোকৰ সমভাগী হয়৷ এক শোকৰ বাৰ্তাত বিদ্যালয়ৰ অধ্যক্ষাগৰাকীয়ে ধেমাজি আৰু শিৱসাগৰ দুয়োখন ঘৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে৷

প্ৰচণ্ড গৰম গৰম