/asomiyapratidin/media/media_files/2025/01/29/15ANXJF9AEWEn6VdNMW7.jpg)
ধেমাজি জিলা লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
ডিজিটেল সংবাদ, ধেমাজি : অসম লেখিকা সমাজৰ ধেমাজি জিলা সমিতিৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি পশ্চিম ধেমাজি আঞ্চলিক শাখাৰ বিষয়ববীয়াসকলৰ আতিথ্যত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। মঙ্গলবাৰে পশ্চিম ধেমাজি নৰোৱাথানৰ জ্যোতিৰূপা হাইস্কুলত এই দিৱসটি উদযাপন কৰা হয় ৷
উক্ত দিনা পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভানেত্ৰী জয়জ্যোতি চুতীয়াই। পুৱা ৯-৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰে হৰিপ্ৰিয়া দাসে।
একেদৰে পুৱা ১১-০০ বজাত মুকলি সভা ও আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ ধেমাজি জিলা লেখিকা সমাজৰ সম্পাদিকা যোগ গগৈয়ে আঁত ধৰা মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকি লেখিকা সমাজৰ অৱদানৰ সম্পৰ্কে ভাষণ প্ৰদান আগবঢ়াই হেমপ্ৰভা বৰা, গুণ প্ৰভা শইকীয়া, উপদেষ্টা নীলিমা গগৈ, জ্যোতিৰূপা হাইস্কুলৰ প্ৰধান শিক্ষক নিত্যানন্দ তামুলীয়ে।
/asomiyapratidin/media/media_files/2025/01/29/MfvHr2Hn4lxFhrWkGUGl.jpg)
ইয়াৰ উপৰি ভাষণ প্ৰদান কৰে জিলাৰ পত্ৰিকা সম্পাদিকা তথা গোগামুখ আঞ্চলিকৰ সম্পাদিকা গীতাৰ্থী শইকীয়া, সভানেত্ৰী স্বপ্নশিখা চুতীয়া, উপ সভানেত্ৰী পুষ্পা গগৈ, ৰুনুমণি গগৈ চুতীয়া, ৰুস্না চুতীয়া, ৰুমী গোহাঁই, ৰেখা চুতীয়া, ঋতু মণি হাজৰিকা, পৰশ মণি চুতীয়া, বৃষ্টি চুতীয়া, জ্যোতি কোঁৱৰ, ৰাজু মণি শইকীয়া আৰু পশ্চিম ধেমাজি লেখিকা সমাজৰ বিষয়ববীয়া তথা আঞ্চলিক সভানেত্ৰী সম্পাদিকা দিপালী হাজৰিকা আৰু মণিকা চুতীয়াই ৷
/asomiyapratidin/media/media_files/2025/01/29/piAIjUJx1JsmZvIUPKa2.jpg)
অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ শেষত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷