ধেমাজি জিলা দিৱস পালন...

১ অক্টোবৰতেই এই প্ৰতিষ্ঠা দিৱসটি পালন কৰা দিন ধাৰ্য্য কৰিছিল যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগ আৰু দুৰ্গা পূজাৰ বাবে দিন সলনি কৰি জিলা প্ৰশাসনৰ উদ্যোগত

author-image
Asomiya Pratidin
New Update
479

ডিজিটেল সংবাদ, ধেমাজি : ১৯৮৯ চনৰ ১ অক্টোবৰত ধেমাজি জিলা হিচাপে স্বীকৃতি পোৱা ধেমাজি জিলাই প্ৰত্যেক বছৰেই ১ অক্টোবৰ দিনটো জিলা প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে ৷ জিলা প্ৰশাসনে যোৱা ১ অক্টোবৰতেই এই প্ৰতিষ্ঠা দিৱসটি পালন কৰা দিন ধাৰ্য্য কৰিছিল যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগ আৰু দুৰ্গা পূজাৰ বাবে দিন সলনি কৰি জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে অনুষ্টুপীয়াকৈ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলা দিৱস পালন কৰা হয় ৷ 

পুৱা ১০ বজাত জাতীয় সংগীতেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰা পিছতেই অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰে ৷ অনুষ্ঠানত স্থানীয় শিল্পীৰ দ্বাৰা ধেমাজি, ধেমাজি... শীৰ্ষ গীতটি পৰিবেশন কৰা হয় ৷ আনহাতে জিলাখনৰ উন্নয়নৰ বিভিন্ন দিশসমূহ সামৰি জিলা প্ৰশাসনৰ দ্বাৰা এটি ভিডিঅ’ প্ৰদৰ্শন কৰা হয় ৷ 

সভাত জিলাখনৰ বিভিন্ন বিভাগত কৰ্মদক্ষতা দেখুওৱা কৰ্মীসকলক অতিথিসকলৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগু আৰু লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই বক্তব্য প্ৰদান কৰে ৷ 

সভাত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় , জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ , জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালসুত্ৰা, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাসব্ৰাঘী আৰু জিলা পৰিষদৰ সদস্য লক্ষীধৰ শেনচোৱাই উপস্থিত থাকে ৷

ধেমাজি