/asomiyapratidin/media/media_files/2025/06/02/l0yUbdSU7EhdhGJ9Uhjr.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ অৱশেষত আৰক্ষীত জালত ধেমাজি নিউ দাস জুৱেলাৰ্চৰ স্বত্বাধিকাৰী দীপাংকৰ দাস। ২৯ মে'ৰ পৰাই পলাতক হৈ থকা দীপাংকৰ দাসক অৱশেষত দেওবাৰে নিশা ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে ধেমাজিত বিভিন্ন গ্ৰাহকক হ'লমাৰ্ক কৰাৰ বাবদ সোণ জমা লোৱা আৰু মেৰামতি কৰা বাবে নগদ ধন লৈ এক প্ৰৱঞ্চনাৰ জাল পেলাইছিল দীপাংকৰ দাসে। ২০২২ চনৰ পৰাই গ্ৰাহকক প্ৰৱঞ্চনা কৰি
ডেৰ কোটিতকৈ অধিক জমা সোণ, ধনলৈ ২৯ মে'ৰ পৰা পলাতক হৈ আছিল দীপাংকৰ দাস ৷
প্ৰৱঞ্চক দীপাংকৰ দাসক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত আৰম্ভণিতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়তত গ্ৰাহক মানৱজ্যোতি পামেকে ধৰি
বহু কেইগৰাকী গ্ৰাহকেও এজাহাৰ দাখিল কৰিছিল ৷
ইয়াৰ পাছতে আৰক্ষীয়ে দীপাংকৰক বিচাৰি তদন্ত আৰম্ভ কৰে। অৱশেষত দেওবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক দীপাংকৰ দাসক। বৰ্তমান ধেমাজি সদৰ আৰক্ষীয়ে থানাতে সোধাপোছা অব্যাহত ৰাখিছে ৷