বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল ধেমাজি দিৱসঃ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি অগবঢ়োৱা ভিন্নজনক সম্বৰ্ধনা....

ধেমাজি জিলাক ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠাৰ আহ্বান শিক্ষা-মন্ত্ৰী ডা°ৰনোজ পেগুৰঃ
 DHEMAJI DAY
DHEMAJI DAY

ডিজিটেল সংবাদ ধেমাজি: ধেমাজি জিলাক এটা ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে ৷ শনিবাৰে ৩৪ সংখ্যক ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডাঃ ৰণোজ পেগু।

শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ভাষণ দি তেওঁ কয়, ধেমাজি জিলাৰ কিছুমান অনন্য বৈশিষ্ট্য আছে। ধেমাজিৰ মুগা-শিল্পৰ অসমতে এটি বিশেষ সুনাম থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অনুপম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ধেমাজি জিলাখনত পৰ্যটনৰ বিকাশৰো যথেষ্ট সুযোগ আছে। তেওঁ জিলাখনক এই দিশতো আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভাষণত তেওঁ কয়, অসম চৰকাৰে জিলা দিৱসৰ লগতে এইবাৰৰ পৰা প্ৰতিখন গাঁৱৰো প্ৰতিষ্ঠা দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। শিক্ষা-মন্ত্ৰীগৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠানতো প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে মুকলি আহ্বান জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই কয়, ধেমাজি জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ফ'ৰলেনলৈ উন্নীত কৰাৰ কাম অচিৰেই আৰম্ভ হ'ব। তদুপৰি ঘাইপথ চোৱা মেৰামতিৰ কামো ইতিমধ্যে আৰম্ভ হৈছে বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই জিলাখনৰ গৌৰৱময় ঐতিহ্য আৰু প্ৰকৃতিক সৌন্দৰ্যৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে উল্লেখ কৰে। জিলাখনৰ ধেমাজি জিলাৰ বিভিন্ন গৌৰৱময় ঐতিহ্য, কৃষ্টি-সংস্কৃতি আৰু মনোৰম প্ৰাকৃতিক পৰিবেশক প্ৰতিফলিত কৰি জিলা প্ৰশাসনে প্ৰকাশ কৰি উলিওৱা এখন সচিত্ৰ গ্ৰন্থ মন্ত্ৰী ডাঃ পেগুৱে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

এই সভাতে মৰোনোত্তৰভাবে গোগামুখৰ প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক, নাট্যকাৰ , সমাজসেৱক প্ৰয়াত অৰ্ণিবান বৰগোহাঁইক সন্মান জনোৱা হয় ৷ এই সন্মান গ্ৰহন কৰে প্ৰয়াত অৰ্ণিবান বৰগোহাঁইৰ পত্নী গায়ত্ৰী দলে বৰগোহাঁইয়ে ৷

ইয়াৰ উপৰিও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ অসমৰ ২১৯ টা খণ্ডৰ ভিতৰত ধেমাজি খণ্ডৰ শ্ৰেষ্ঠ হিচাপে লাবন্য লাহন চুতীয়া, ধেমাজি নাৰী সবলীকৰণৰ ক্ষেত্ৰত উদ্যোগলৈ পাৰদৰ্শিতা দেখুওৱাৰ বাবে নিৰমা বৰুৱাক সমাজসেৱীকা, ধেমাজি চিত্ৰ শিল্পী সূৰ্য্য বৰুৱা, জনজাতি সাজপাৰ ব্যৱসায় ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা জেচিম কুম্বাঙ , ধেমাজি পৌৰসভা আৰু চিলাপথাৰ পৌৰসভাৰ বলীন চুতীয়া , বিদ্যাধৰ বড়াক নগৰ দুখন পৰীক্ষা কৰি ৰখাৰ বাবে, কৃষি ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বাবে অণুজ দলে আৰু গনেশ নৰহকে ধৰি জিলাখনৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় সেৱা আগবঢ়োৱা ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে জিলা প্ৰতিষ্ঠা দিৱসৰ সৈতে সঙ্গতি ৰাখি আয়োজিত কুইজ আৰু তৰ্ক প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজত বঁটা বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে, পুৱা ৪.৩০ বজাতে মাৰাথন দৌৰ প্ৰতিযোগিতাৰে আৰম্ভ হোৱা ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা বিস্তৃত কাৰ্যসূচী আজি নিশা বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে সামৰণি মৰা হয়। ধেমাজি জিলাৰ বৰদলনি খণ্ড তিনিআলিৰ পৰা আৰম্ভ হোৱা প্ৰায় ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাইজ মানী হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত অভিলেখ সংখ্যক সাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

ইয়াৰে পুৰুষৰ শাখাত গোলাঘাটৰ তীখেশ্বৰ কুৰ্মীয়ে ১ ঘন্টা ৩ মিনিট সময়ত অতিক্ৰম কৰি প্ৰথম, মাজুলীৰ সঞ্জীৱ দলে ১.০৩.১০ ঘন্টাত দ্বিতীয় আৰু তিনিচুকীয়াৰ বিকাশ চান্থালে ১.০৪.৩০ ঘন্টাত তৃতীয় স্থান লাভ কৰে। মহিলাৰ শাখাত চৰাইদেউৰ ৰূপালী মুণ্ডাই ১.১৩.৫২ ঘন্টাত প্ৰথম, চিমেন চাপৰিৰ ৰেখামণি শ‌ইকীয়াই ১.১৯.০২ ঘন্টাত দ্বিতীয় আৰু চৰাইদেউৰ সবিতা কুৰ্মীয়ে ১.২৩.২৩ ঘন্টাত তৃতীয় স্থান অধিকাৰ কৰে।

উভয় শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীয়ে যথাক্ৰমে নগদ ১৫,০০০, ১০,০০০ আৰু ৫০০০ টকাৰ লগতে একোটা ট্ৰফী লাভ কৰে। ইয়াৰ পিছতে পুৱা ৮ বজাত জিলাৰ পতাকা উত্তোলন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। তেওঁৰ লগতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য‌য়ো স্মৃতি তৰ্পন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

সভাত ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা , ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী, এন এইচ পি চিৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তা, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাঘ্ৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ইফালে সাংসদ প্ৰদান বৰুৱাই পুৱা ৯ বজাত এটি সাংস্কৃতিক সমদলৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে।

এই শোভাযাত্ৰাত তিৱা, মিছিং, গোৰ্খা, সোণোৱাল কছাৰী, বড়ো, ৰাভা, চাহ-জনগোষ্ঠী আৰু দেউৰী লোক কৃষ্টিৰ দলৰ উপৰি এটি বিহু নৃত্যৰ দলেও অংশগ্ৰহণ কৰি জিলাখনৰ বাৰে ৰহনীয়া কৃষ্টি-সাংস্কৃতিক প্ৰতিফলিত কৰে। সন্ধিয়া কাছাৰী ময়দানতে অনুষ্ঠিত হোৱা বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত ভালে সংখ্যক স্থানীয় শিল্পীৰ উপৰিও ৰাজ্যৰ বিশিষ্ট কন্ঠ শিল্পী তৃষ্ণা দেৱী, ৰাকেশ ৰিয়ান আৰু মৌচম গগৈয়ে সংগীতানুষ্ঠান পৰিবেশন কৰে। ইয়াকে লৈ জিলাখনত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in