/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে শনিবাৰে শিশু নিৰ্যাতনকাৰী দুই অপৰাধীক সুকীয়া সুকীয়াকৈ গোচৰত এজনক ২৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। ইয়াৰ উপৰি নগদ ৩০হেজাৰ টকা জৰিমনা বিহে।
লগতে আনজনক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু নগদ ১০ হেজাৰ টকা জৰিমনা বিহে আদালত ৷ ৰায়দানৰ তথ্য অনুসৰি ২০২২ চনৰ ১৯ এপ্ৰিলতে সন্ধিয়া এটি কনমানি শিশুৱে বিহু চাবলৈ বুলি ৰাষ্টাৰে অকলে গৈ থকা অৱস্থাতে চিমেনচাপৰি ৰংপুৰীয়া গাঁৱৰ বুবু দুৱৰা নামৰ এজন যুৱকে শিশুটিক জংঘল লৈ নি নিৰ্যাতন কৰি পেলাই থৈ গৈছিল ৷
পিছত ৰাষ্টাৰে গৈ থকা মানুহে শিশুটিক পাই ঘৰৰ পৰিয়ালৰ মানুহক চমজাই দিছিল ৷ ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ আৰক্ষী থানাত৮৬/২০২২ নম্বৰত হোৱা গোচৰৰ ভিত্তিত আচামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোলৈ প্ৰেৰণ কৰিছিল ৷
পৰৱৰ্তী সময়ত ধেমাজি জিলাও সত্ৰ ন্যায়াধীশ আদালত ৬৮/২০২২ নম্বৰতহোৱা স্পেচিয়েল পস্কো গোচৰত বিগত ২ বছৰে চলাগোচৰৰ অন্তত শনিবাৰে আদালতে অপৰাধী বুবু দুৱৰাক দোষী সাৱস্ত কৰি ২৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে।লগতে নগদ ৩০ হেজাৰ টকাজৰিমনা বিহে ৷ উক্ত ৩০ হেজাৰ টকা অনাদায়ে আৰু অতিৰিক্ত ২ বছৰ কাৰাদণ্ড খাটিব লাগিব ৷
উল্লেখোগ্য যে গোচৰটোত আচামী পক্ষৰ হৈ অধিবক্তা পদ্মাৱতী ভৰালীৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই উকালতি কৰিছিল ৷ অন্যহাতে জিলাও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে স্পেচিয়েল পচকো ২৭ ডি. এইচ/ ২০১৮ নম্বৰ গোচৰযোগে ধেমাজি লক্ষীপথাৰ মিছিং গাঁৱৰ মোহন দলে নামৰ এজন যুৱকক ৫ বছৰ সশ্ৰম কাৰাদণ্ড দিয়া লগতে নগদ ১০ হেজাৰ টকা জৰিমনা বিহে ৷
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজনযে ২০১৮ চনৰ ২ এপ্ৰিলত নদীত গা ধুই থকা অৱস্থাতে এটি শিশুক নিৰ্যাতন চলোৱাৰ চেষ্টা চলাইছিল ৷ ঘটনাৰ বিষয়লৈধেমাজি সদৰ আৰক্ষী থানাত ১১২/২০১৮ নম্বৰত ৰুজু হোৱা গোচৰত ভিত্তিত আচামী মোহন দলেক জে’লহাজোলৈ প্ৰেৰণ কৰিছিল ৷বিগত ২ বছৰে চলা গোচৰৰঅন্তত শনিবাৰে আদালতে অপৰাধীক সশ্ৰম কাৰাদণ্ডআৰু নগদ ধনেৰে জৰিমনাবিহে ৷ উক্ত গোচৰত আচামীপক্ষৰ হৈ অধিবক্তা বীৰেন্দ্ৰ গগৈৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ অজয় ফোকলাইওকালতি কৰিছিল ।