/asomiyapratidin/media/media_files/2025/06/30/protest-30-2025-06-30-20-28-17.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্যত সংঘটিত ৰাজ সাহায্যযুক্ত দুগ্ধপাম স্থাপনৰ চৰকাৰী আঁচনিৰ তালিকাত মন্ত্ৰী পত্নীৰ নাম, প্ৰকৃত গো পালক, কৃষকক বঞ্চিতকৰণ, আৰু গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে অনা গীৰ গাইৰ কেলেংকাৰীৰ বিৰুদ্ধে আজি ধেমাজিত কংগ্ৰেছে দলৰ নেতা, কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে ধেমাজি কংগ্ৰেছে, ধেমাজি জিলা কৃষক কংগ্ৰেছ কমিটীৰ সহযোগত সাব্যস্ত কৰে এই প্ৰতিবাদ।
দিনৰ ১২-৩০ বজাত ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত এই প্ৰতিবাদকাৰীসকলে এক সভা অনুষ্ঠিত কৰে। এই প্ৰতিবাদী সভাত জিলা কৃষক কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰা, অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সদস্য নয়মণি বুঢ়াগোঁহাই, জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ বিপুল বৰুৱা, তিলক ফুকন, হৰিনাথ পেগু, নিতু বৰগোহাঁই, দেৱজিৎ বুঢ়াগোহাঁই, ভাস্কৰজ্যোতি কুলি, ৰজনী কাৰ্দ্দং প্ৰমুখ্যে বহু কেইগৰাকী নেতৃত্বই বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু প্ৰকৃত হিতাধিকাৰীক প্ৰবঞ্চনা কৰি ৰাজ সাহায্যযুক্ত গীৰ গাই বিতৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।
ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে দুজনী গাই গৰুৰ সৈতে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে’কাৰ্ড লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গৰু চোৰ, ভূৱন পেগু মূৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, বি জি পি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কসকল গৰু চোৰ, খেদ ঐ খেদ গৰু চোৰ খেদ, আহ ঐ আহ ওলাই আহ ইত্যাদি শ্লো'গানেৰে প্ৰতিবাদ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে নগৰখনত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখলৈকে কংগ্ৰেছৰ দুই শতাধিক কৰ্মীয়ে সমদল কৰে৷