/asomiyapratidin/media/media_files/2026/01/24/dhemjiiiiilkiclg-2026-01-24-19-39-55.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান৷ ৬০ বছৰ গৰকা ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
পতাকা উত্তোলন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বক্তব্যত শীঘ্ৰেই ধেমাজি মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব বুলি উল্লেখ কৰে৷ শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ উৎসাহৰ লহৰ ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী কলৰ লগতে উদযাপনস্থলীত থকা ৰাইজৰ মাজত দেখিবলৈ পোৱা যায়৷
ইফালে, পতাকা উত্তোলনৰ কাৰ্য্যসূচীৰ পাছতেই হীৰক জয়ন্তীৰ উদযাপন সমিতিৰ উদ্যোগত ধেমাজি নগৰখনত সহস্ৰাধিক লোকে এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়৷ অসমৰ সমাজ জীৱন, জনজীৱন প্ৰতিফলিত হোৱাকৈ ধেমাজি নগৰৰ মাজেৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই ধেমাজিবাসী ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হয়৷
১৭খন প্ৰাচীৰ পত্ৰিকা প্ৰকাশ পাব লগা ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত দেওবাৰে শেষদিনা বহু কেইগৰাকী বৰেণ্য বক্তিয়ে অংশগ্ৰহণ কৰিব৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us