লেচিয়া নৈৰ বাঢ়নী পানীয়ে খহালে পকী দলঙৰ এটা অংশঃ বিচ্ছিন্ন যোগাযোগ ব্যৱস্থা

যোৱা কেইবাদিনো ধৰি অসমৰ লগতে চুবুৰীয়া অৰুণাচলতো অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহৰ মাজতে শনিবাৰে চুবুৰীয়া ৰাজ্যখনত আহে প্ৰচণ্ড বৰষুণ। ফলত লেচিয়া নৈৰো পানী বৃদ্ধি হয়। 

author-image
Asomiya Pratidin
New Update
লেচিয়া নৈৰ বাঢ়নী পানীয়ে খহালে পকী দলঙৰ এটা অংশঃ বিচ্ছিন্ন যোগাযোগ ব্যৱস্থা

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা কেইবাদিনো ধৰি অসমৰ লগতে চুবুৰীয়া অৰুণাচলতো অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহৰ মাজতে শনিবাৰে চুবুৰীয়া ৰাজ্যখনত আহে প্ৰচণ্ড বৰষুণ। ফলত গাইনদীৰ জলস্তৰ বৃদ্ধি হোৱাত ইয়াৰ সৈতে সংযোগ থকা লেচিয়া নৈৰো পানী বৃদ্ধি হয়। 

Advertisment

তাৰ পৰিণতিতে বিয়লি প্ৰায় ২-৪৫ বজাত লেচিয়া নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা পকী দলংখনৰ আমগুৰি পাৰৰ মূৰটো প্ৰায় ৩০ ফুটমান উটুৱাই নিয়ে। ফলত ধেমাজিৰ সৈতে এটা বৃহৎ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

উল্লেখ্য যে, ধেমাজি জল সম্পদ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ মাজত কোনো বিভাগীয় সূ-সম্পৰ্ক নথকাৰ ফলতে জল সম্পদ বিভাগে মইমতালিৰে যোৱা বছৰ জল সম্পদ বিভাগে নৈখনৰ বাঁও দিশৰ মথাউৰিটো নিৰ্মাণ কৰিছিল৷ 

মথাউৰি নিৰ্মাণৰ পূৰ্বে নদীৰ পানীয়ে অঞ্চলটোৰ চাৰিওফালে গতি কৰিছিল৷ বিগত বৰ্ষত নিৰ্মাণ হোৱা মথাউৰিটো বিজ্ঞানসন্মত নোহোৱাৰ লগতে উক্ত লেচিয়া নৈ দলংখনো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰা ফলতেই দলংখনৰ মূৰতো বাঢ়নী পানীয়ে উটুৱাই নিবলৈ পালে বুলি ৰাইজে অভিযোগ কৰিছে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ধীৰেন দিহিঙ্গীয়াৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই জল সম্পদ বিভাগক মথাউৰিটো বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷

ধেমাজি গাইনদী