ধেমাজি জিলা আছুৰ উদ্যোগত ন্যায় সমদল : জুবিনক লৈ ৰাজনীতি নকৰিবলৈ আছুৰ সকিয়নী

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি জিলা ছাত্ৰই বৃহস্পতিবাৰে ধেমাজি নগৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এক প্ৰতিবাদী ন্যায় সমদল বাহিৰ কৰে

author-image
Asomiya Pratidin
New Update
42

ডিজিটেল সংবাদ,ধেমাজি : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি জিলা ছাত্ৰই বৃহস্পতিবাৰে ধেমাজি নগৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এক প্ৰতিবাদী ন্যায় সমদল বাহিৰ কৰে ৷ ধেমাজি জিলা মহিলা সমিতি, ধেমাজি জিলা সাহিত্য সভা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ও তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীৰ উপস্থিতত উলিওৱা হয় এই সমদল।

WhatsApp Image 2025-10-23 at 8.16.55 PM (1)

ন্যায়কামী প্ৰতিবাদকাৰীয়ে 'আমাক জুবিন দাৰ ন্যায় লাগিবই, জুবিনদা অমৰ হওঁক, উই ৱাণ্ট জাষ্টিছ, জয় আই অসম, জুবিনদাক লৈ কোনো ৰাজনীতি নকৰিব ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে। একেদৰে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড আদি লৈ প্ৰতিবাদকাৰীসকলে ধেমাজি শ্বহীদ বেদীৰ প্ৰাংগনৰ পৰা নগৰৰ মাজেৰে চাৰিআলিলৈকে প্ৰতিবাদ কৰে।

ইয়াৰ পূৰ্বে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আঁত ধৰা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক শৰ্মাই বক্তব্যত কয় যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি চৰকাৰ হোৱা পিছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি পয়ত্ৰিশ দিনৰ পিছতো চি আই ডি আৰু তদন্তৰ কাৰণে গঠন কৰি দিয়া এছ আই টিয়ে জুবিনদাৰ মৃত্যুৰ কোনো উৱাদি উলিয়াব নোৱাৰাটো অতি পৰিতাপৰ বিষয়।

WhatsApp Image 2025-10-23 at 8.16.55 PM

ছাত্ৰ নেতাগৰাকীয়ে বিজেপি চৰকাৰ আৰু দলক জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে ৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত লাখ লাখ মানুহে দিনে -ৰাতিয়ে ঘৰ -বাৰী এৰি শোকত ভাগি পৰা পিছতো বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জুবিন অনুৰাগীসকলক 'নকল অনুৰাগী' আখ্যা দি বিজেপি দলৰ ফ্লেগ লৈ থকা সকলকেই জুবিন গাৰ্গৰ আচল অনুৰাগী দিয়া বক্তব্যক লৈ ছাত্ৰ নেতাগৰাকীয়ে ধিক্কাৰ দি এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ তেওঁ সকিয়াই দিয়ে ৷

একেদৰে প্ৰতিবাদী সভাত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইইে বক্তব্য ৰাখি কয় যে এইখন চৰকাৰৰ দিনত অতি লাজ লগা বিষয় হৈছে ৷ ক'ত দেখিছে শাসকীয় দলৰ চৰকাৰৰ মন্ত্ৰী - বিধায়কে ৰাজপথলৈ ন্যায় বিচাৰি আহিব লগা হৈছে ৷ ৰাইজে চৰকাৰখনৰ মন্ত্ৰী - বিধায়কসকললৈ কিবা কৰি দিয়া বাবে আশা কৰি চাই থাকে ৷ 

WhatsApp Image 2025-10-23 at 8.16.54 PM

প্ৰতিবাদী সভাত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰী, ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱা, সম্পাদিকা ৰিতুপৰ্ণা দেৱী চুতীয়া, সাংস্কৃতিক সম্পাদিকা নীলাক্ষী দিহিঙ্গীয়া দাস উপৰিও ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰণজিৎ চিৰিং আৰু ধেমাজি শিল্পী সমাজে অংশগ্ৰহণ কৰে ৷

আছু ধেমাজি জুবিন গাৰ্গ