/asomiyapratidin/media/media_files/2025/07/31/dhemaji-aasu-31-2025-07-31-21-44-25.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ খেতি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰা, প্ৰতিগৰাকী উপযুক্ত কৃষকে চৰকাৰী আঁচনি আৰু সা-সুবিধা পোৱাতো নিশ্চিতকৰন কৰা, জিলাখনৰ প্ৰত্যেক খেতি-পথাৰতে বিজ্ঞানসন্মতভাৱে মাটিৰ গুণাগুণ পৰীক্ষাৰ ব্যৱস্থা কৰি প্ৰয়োজনীয় কৃষি সামগ্ৰী যোগান ধৰা আৰু অনাবৃষ্টিৰ ফলত দুৰ্দশাগ্ৰস্ত আৰু ক্ষতিগ্ৰস্ত কৃষকসকলক এককালীনভাৱে আৰ্থিক সাহাৰ্য্য অতি শীঘ্ৰেই প্ৰদান কৰাৰ দাবীত বৃহস্পতিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
জিলাখনৰ প্ৰায় ৩০০ ৰো অধিক আছু কৰ্মীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ জলসিঞ্চন বিভাগ নামত আছে কামত নাই, মন্ত্ৰী অশোক সিংঘাল হায় হায়, বিজেপি চৰকাৰ হায় হায়,বগাহাতীত পৰিণত হোৱা জলসিঞ্চন বিভাগ হায় হায়, পথাৰত পানী যোগানৰ ব্যৱস্থা কৰক, পথাৰত চিৰাল ফাট কৃষকৰ মূৰে-কপালে হাত জলসিঞ্চন বিভাগ নিমাত, পথাৰত চিৰাল ফাট অশোক সিংঘাল নিমাত, শীঘ্ৰেই কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক, জলসিঞ্চন বিভাগলৈ অহা প্ৰতিটো ধনৰ তদন্ত কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নগৰত থকা ধেমাজি জলসিঞ্চন বিভাগৰ কাৰ্যাবাহী অভিযন্তা কাৰ্যালয়ৰ সন্মুখত আধা ঘন্টাতকৈ অধিক সময় ধৰি বিক্ষোভ প্ৰদৰ্শন কৰি আছুকৰ্মীসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে আছু কৰ্মীৰ এই প্ৰতিবাদৰ সময়ছোৱাত বিভাগৰ কাৰ্যালয়ৰ গেট বন্ধ কৰি আৰক্ষী, চি আৰ পি আদিয়ে আগুৰি ধৰে।
তাৰোপৰি আছু কৰ্মীৰ এই প্ৰতিবাদৰ সময়ত বিভাগটোৰ কোনো এগৰাকী বিষয়া, কৰ্মচাৰী অথবা দণ্ডাধীশো উক্ত স্থানত আহি উপস্থিত নহ’ল৷ ফলত উত্তেজিত প্ৰতিবাদীকাৰীসকলে সেই ঠাইৰ পৰা পুনৰ প্ৰতিবাদ কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ জলসিঞ্চন বিভাগ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু সময় ধৰি প্ৰতিবাদ কৰে।
পিছত দণ্ডাধীশে আহি প্ৰতিবাদকাৰীসকলৰ পৰাস্মাৰকপত্ৰ পত্ৰ গ্ৰহণ কৰে৷ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰৰা পিছতো সেই প্ৰতিবাদৰ প্ৰতি কোনো সন্মান দিব নজনা ধেমাজি জলসিঞ্চন বিভাগটোক চোকা সমালোচনা কৰি আগন্তুক দিনত আৰু অধিক আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা, জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সম্পাদক জয়ন্ত বৰগোহাঁইয়ে৷