Advertisment

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথত নামিল ধেমাজি জিলা ছাত্ৰ সন্থা

প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিছঙকে ধৰি ধেমাজি জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজি:  সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ধেমাজিৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰায় দুই শতাধিক কৰ্মীয়ে বুধবাৰে হাতে-হাতে বেনাৰ,পোষ্টাৰ,প্লে'কাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে।

Advertisment

বিজেপি কাম নাই,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ'বেক, যোগান মন্ত্ৰী ৰণজিৎ দাস গ'বেক, মূল্যবৃদ্ধি শীঘ্ৰেই ৰোধ কৰক ইত্যাদি শ্লো'গানেৰে ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজি চাৰিআলিলৈকে প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিছঙকে ধৰি জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷

ধেমাজি