/asomiyapratidin/media/media_files/2025/03/08/jimfCbOr9mh43jHnxKiy.jpg)
ডিজিটিল সংবাদ,ধেমাজিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুৱে ৰাজ্যৰ শিক্ষা বিভাগৰ নামত ঢাক-ঢোল বজাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত উন্নয়নৰ শ্লো'গান দি থকা সময়তে শিক্ষা মন্ত্ৰীৰ গৃহ জিলাৰ ধেমাজিত এখনি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এজনো শিক্ষক নথকা কাণ্ডই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে ২০০৩ চনতেই প্ৰতিষ্ঠা হোৱা আৰু ২০১২ চনতেই চৰকাৰে প্ৰাদেশীকৃত কৰা কদমনি প্ৰাথমিক বিদ্যালয়খনিত বৰ্তমানে এজনো শিক্ষক নাই ৷ ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰগাঁও ৰাজহচক্ৰৰ বৃহত এলেকাধীন চিচি চুমনি গাঁৱত অৱস্থিত বিদ্যালয়খনত প্ৰায় চাৰিকুৰি ছাত্র-ছাত্ৰী অধ্যয়ন কৰা বিদ্যালয়খনত বৰ্তমানে এজনো স্থায়ী শিক্ষক নাই ৷
যি এজন আছিলে তেওঁকো বৰ্তমানে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক(CRCC) হিচাপে দায়িত্ব দি জিলা শিক্ষাই বিভিন্ন কামত জড়িত কৰাইছে ৷ উল্লেখ্য যে জানিব পৰামতে উক্ত শিক্ষকজনো স্থায়ীভাৱে কৰ্মৰত নাছিল ৷ একমাত্ৰ বিদ্যালয়খনত সম্পূৰ্ণ অস্থায়ীভাৱে সংলগ্ন হিচাপে দায়িত্ব লৈ আছিল ৷ বিদ্যালয়খনত শিক্ষক দিয়া বিষয়কলৈ ৰাইজ আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে বাৰম্বাৰ আবেদন নিবেদনৰ পিছতো এই সমস্যাৰ সমাধান নহ'ল ৷
বিদ্যালয়খনত হৈ অচলাৱস্থা বিষয়টো ইতিমধ্যে ধেমাজি জিলা ছাত্র সন্থাই খৱৰ পাই জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস , সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই উপ-সভাপতি দেব কলিতা, সহকাৰী সাধাৰণ দেবেন ডেকা, মুখ্য সাংগঠনিক সম্পাদক জিন্টু ভূঞা, ধেমাজি মহকুমা ছাত্র সন্থাৰ সভাপতি অৰবিন্দ গগৈ প্ৰমুখ্যে কৰি চিচিবৰগাওঁ আঞ্চলিক ছাত্র সন্থা, চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ আৰু মৰিধল আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াৰ এটা সজাতি দলে শনিবাৰে বিদ্যালয়ৰ প্ৰাঙ্গনত উপস্থিত হৈ সমস্যাৰ বুজ লৈ উক্ত সময়খিনিত স্থানীয় ৰাইজৰ সৈতে আলোচনা মিলিত হয় ।
দুয়োপক্ষৰ মাজত হোৱা আলোচনাত ৰাইজে বিদ্যালয়খনত স্থায়ী শিক্ষক নিযুক্তি আজি পৰ্যন্ত
নথকা সম্পৰ্কে অৱগত কৰে ৷ স্থায়ী শিক্ষক নিযুক্তি বিষয়লৈ ৰাইজে বিভাগীয় কৃৰ্তপক্ষ, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে আলোচনা পাছতো কোনো ধৰণৰ স্থায়ী সমাধান নোহোৱাত ৰাইজে মুকলিকৈ ক্ষোভৰে কয় ।
যিটো সময়ত বিজেপি চৰকাৰে শিক্ষা বিভাগৰ নামত আমোল পৰিবৰ্তনৰ ঢাক-ঢোল বজাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত উন্নয়নৰ শ্লো'গান দি আছে, তেনে সময়তেই অসমীয়া ভাষাটো নিঃশেষ কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰাত ব্যস্ত হৈ পৰিছে ৷ স্বয়ং শিক্ষামন্ত্ৰী গৰাকীৰ নিজ গৃহ জিলাতেই যদি চৰকাৰী বিদ্যালয়ৰ এনে অৱস্থা হয় তেন্তে সমগ্ৰ ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ অৱস্থাৰ কেনেকুৱা হব ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে ৷
যিখন বিদ্যালয়ত প্ৰাক্-প্ৰাথমিক শিক্ষা লাভ কৰে স্থানীয় বহুতো শিশুৱে,কিয়নো আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, তেনেকুৱা সময়ত শিক্ষক নথকা বিদ্যালয় এখনত ছাত্র-ছাত্ৰী সকলৰ তথা শিশু সকলৰ শৈক্ষিক পৰিৱেশ কিদৰে আগবাঢ়ি যাব। স্থানীয় ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগত আলোচনা অন্ততঃ উঠি অহা প্ৰজন্ম আৰু শিশু সকলৰ শৈক্ষিক পৰিবেশ সুৰক্ষিত কৰিবলৈ অহা ১০ মাৰ্চৰ পৰা উক্ত চৰকাৰী বিদ্যালয়খনত ধেমাজি জিলাৰ আছুৰ নেতৃত্বত পাঠদানৰ কাৰ্য্যসূচী লোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷