মধ্যভোগীৰ কবলত ধীৰবিলৰ অনুসূচীত জাতিৰ মাছমৰীয়া সমাজ...

author-image
Asomiya Pratidin
New Update
মধ্যভোগীৰ কবলত ধীৰবিলৰ অনুসূচীত জাতিৰ মাছমৰীয়া সমাজ...

ডিজিটেল সংবাদ, বিলাসীপাৰা : ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে ভৰা ধীৰবিল এখন নদী সদৃশ সুবিশাল মীন-মহল হিচাপে জনাজাত। ইয়াৰ উত্তৰে চক্ৰশীলা সংৰক্ষিত বনাঞ্চল, দক্ষিণত চান্দৰডিঙা পাহাৰ,পূবে -কৃষ্ণকলি-চাপৰ চাহ বাগিচা আৰু সন্নিকটত শ্ৰীগ্ৰাম পাহাৰৰ কোলাত ধীৰবিল ৭৩৫০ বিঘা মাটিত প্ৰাকৃতিক সম্পদৰে উপচি পৰিছে। মুক্তাসদৃশ পৰিমল ধীৰবিলৰ গভীৰ পানীৰ কৰ্শা,বাচা,কৰ্তি,চান্দা,ৰৌ,মিৰকা,বোৰালী,কাতল,চিতল, পুঠি,খলিহনা,মিছামাছ,কাৱৈ,শৈল, আদি বিভিন্ন এনেধৰণৰ সৰুৰ পৰা ডাঙৰ মাছসমূহ জিলাৰখনৰ এক বৃহৎ আয়ৰ উৎস।

Advertisment

উল্লেখ্য যে, সুৰেন্দ্ৰনাথ ভূঞাৰ তত্ত্বাবধানত অসম মীন উন্নয়ন নিগমৰ বিশেষ চেল খুলি সৰ্বপ্ৰথমে 'ধীৰবিল প্ৰকল্প' অসম মীন নিগম আঁচনি ৰুপায়ণৰ শুভাৰম্ভ কৰে।১৯৭৭ চনৰ ১এপ্ৰিলত নিগমে স্বীকৃতি লাভ কৰি অসমৰ ৬০ পৰ্যায়ৰ বিলসমূহৰ উন্নয়ন আৰু মৎস উৎপাদনৰ বাবে চৰকাৰৰ পৰা অধিগ্ৰহণ কৰে যদিও পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱ আৰু চৰকাৰৰ দায়িত্বজ্ঞানহীনতা,উদাসীনতাৰ ফলত আঁচনিখন সম্পূৰ্ণভাবে ব্যৰ্থ হয়।

তাহানিৰেপৰা ধীৰবিল বেদখল,বাৰিষা বানপানীৰ ওপৰত নিৰ্ভৰ আৰু বিজ্ঞানসন্মতভাবে মাছ উৎপাদনৰ ব্যবস্থা গ্ৰহণ নকৰাৰ ফলত বিলখনৰ মাছৰ নাটনি আৰু অভাৱ -অনটন আজিও এক পৰিচিত দৃশ্য। আনহাতে সংখ্যালঘু প্ৰৱজনকাৰী অনা-মাছমৰীয়াৰ অবৈধ মাছমৰা কাৰ্য আজি এক জলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। প্ৰকৃত মাছমৰীয়াসকল উপায়হীন হৈ বিকল্প কৰ্ম-সন্ধান কৰিব লগা হৈছে। আনহাতে এই সুযোগতে এই অঞ্চলত মাছৰ চাহিদা পূৰণৰ বাবে বহিৰাগত চালানী মাছে বিলাসীপাৰত ভৰি পৰিছে।স্থানীয় প্ৰকৃত মাছমৰীয়া অনুসূচীত জাতিৰ লোকসকলে চালানী মাছৰ ব্যবসায় কৰি জীৱিকা নিৰ্বাহ কৰিৱ লগা হৈছে।সম্প্ৰতি ধীৰবিল অসম চৰকাৰৰ অধীনলৈ গ'ল। প্ৰকৃত মাছমৰীয়া অনুসূচীত জাতিৰ লোকসকলৰ দ্ধাৰা গঠিত সমবায় সমিতিৰ জৰিয়তে দুখীয়া মাছমৰীয়া সম্প্ৰদায়ৰ সমূহীয়া আৰ্থিক উন্নয়নৰ স্বাৰ্থত নৈ বিলসমূহ পত্তন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল যদিও এই ব্যবস্থাও মাছমৰীয়া অনুসূচীত জাতিৰ লোকসকলৰ পৰিপন্থী হ'ল।

বিলাসীপাৰা মহকুমাৰ চাপৰৰ ধীৰবিল,হাকামা বিল,গৌৰাং নৈত মৎস শিল্প গঢ়ি সম্ভৱনা থকাৰ পিছতো এচাম সংখ্যালঘু মধ্যভোগী তথা অনা মাছমৰীয়াই মহকুমাৰ সিংহভাগ মাছৰ বজাৰ অনাধিকাৰভাবে দখল কৰি থকা পৰিলক্ষিত হৈছে। যোৱা প্ৰায় পাঁচ দশক ধৰি এনে বেআইনী কাৰ্যকলাপ আৰু দখলনীতি তৎপৰতা দিন দিন বৃদ্ধি পাই আছে।চৰকাৰ এই ধৰণৰ বেআইনী কাৰ্যকলাপ আৰু দখলনীতি তৎপৰতাত নাকি ন'লগালে অতি শীঘ্ৰই প্ৰকৃত মাছমৰীয়া অনুসূচীত জাতিৰ লোকসকল আৰ্থিকভাবে পিছপৰি এদিন কালৰ গৰাখহনীয়াত বিলিন হৈ যাৱ বুলি অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড° হৰিচৰণ দাসে মত পোষণ কৰে। সেয়েহে এই অঞ্চলৰ বুদ্ধিজীৱি তথা স্থানীয় লোকে প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যময় ধীৰবিল মীন উদ্যোগ সংৰক্ষণ তথা আইনীভাবে ৰক্ষা কৰি প্ৰকৃত মাছমৰীয়া অনুসূচীত জাতিৰ লোকসকলক আৰ্থিকভাবে শক্তিশালী হিচাপে গঢ়ি তুলিবলৈ বিনম্ৰতাৰে দাবী জনায়।

assam bilashipara dhubri