ডিজিটেল সংবাদ, ধুবুৰীঃ সদৌ অসম কৰ বিভাগীয় আমোলা সন্থাৰ ১৫ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন খন আজি ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিন যোৰা কাৰ্যসূচীৰে সুকলমে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে আজি সদৌ অসম কৰ বিভাগীয় আমোলা সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
আজি দুপৰীয়া ১২ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত অসম চৰকাৰৰ অতিৰিক্ত কৰ আয়ুক্ত ৰমেন কুমাৰ বৰ্মণ, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা, ধুবুৰীৰ উপ-কৰ আয়ুক্ত তপন কলিতা, কৰ সেৱা বিষয়া সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম গোস্বামী, ধুবুৰী পৌৰ সভাৰ পৌৰপতি ডা:দেৱময় সান্নালকে ধৰি বহু গন্য-মান্য লোক উপস্থিত থাকে।
আজিৰ অনুষ্ঠানটোতে উৎপল কুমাৰ দাসক সভাপতি আৰু পংকজ বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ অসম কৰ বিভাগীয় আমোলা সন্থাৰ আগন্তক দুটা বছৰৰ বাবে নতুন কেন্দ্ৰীয় কমিটী খন গঠন কৰা হয়। আজিৰ অনুষ্ঠানতে 'নেতাই ধুবুনী' নামেৰে এখনি স্মৰণিকাও উন্মোচন কৰা হয়।