ধুবুৰী কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক পুনৰ গ্ৰেপ্তাৰ

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৮ নং ৱাৰ্ডৰ নজমূল শেখ(২০) নামৰ এজন যুৱকক ড্ৰাগছৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিচত প্ৰায় ২ মাহ ধৰি নজমূল শেখে ধুবুৰী কাৰাগাৰত কাৰাবন্দী হিচাপে আছিল।

author-image
Asomiya Pratidin
New Update
xcxc

ডিজিটেল সংবাদ, ধুবুৰী:  মঙলবাৰে দিনৰ প্ৰায় ১.৩০ বজাত ধুবুৰী জিলা কাৰাগাৰৰ পৰা এজন কয়দীয়ে পলায়ন কৰাৰ পিচত ধুবুৰী কাৰাগাৰৰ গাৰ্ডিং ষ্টাফৰ এটি দলে কায়দী জনক পুনৰ গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে। 

খবৰ অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৮ নং ৱাৰ্ডৰ নজমূল শেখ(২০) নামৰ এজন যুৱকক ড্ৰাগছৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিচত প্ৰায় ২ মাহ ধৰি নজমূল শেখে ধুবুৰী কাৰাগাৰত কাৰাবন্দী হিচাপে আছিল।

মঙলবাৰে চেগ বুজি নজমূলে ধুবুৰী কাৰাগাৰৰ পৰা পলায়ন কৰাৰ খবৰ কাৰাগাৰৰ চৌদিশে বিয়পি পৰাত তৎক্ষণাত ধুবুৰী কাৰাগাৰৰ কৰ্তব্যৰত আৰক্ষীৰ এটা দলে পলাতক কয়দী জনৰ সন্ধানত অনুসৰণ অব্যাহত ৰাখে।

বিয়লি প্ৰায় ২.৩০ বজাত গৌৰীপুৰৰ বাছষ্টেণ্ডৰ পৰা পলাতক নজমূল সেখক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগে লগে কয়দীজনক ধুবুৰী কাৰাগাৰলৈ লৈ অনা হয়। ঘটনা সন্দৰ্ভত ধুবুৰী কাৰাগাৰ কৰ্তৃপক্ষই অনুসন্ধান অব্যাহত ৰাখিছে।

ধুবুৰী